/asomiyapratidin/media/media_files/2025/10/17/551-2025-10-17-18-55-30.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ : সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত জনজাতীকৰণ, স্বায়ত্ব শাসন আৰু ভূমি পট্টনৰ দাবীত শুকুৰবাৰে চিলাপথাৰত অনুষ্ঠিত হয় এক বিশাল গণ সমাবেশ প্ৰতিবাদী সমদল। চিলাপথাৰ মাজগাঁও ৰাস মন্দিৰত অনুষ্ঠিত এই বিশাল সমাবেশত ভাগ লয় কুৰি সহস্ৰাধিক লোকে।
প্ৰতিবাদী সভাতে জুবিন গাৰ্গৰ প্ৰতি জনোৱা হয় গভীৰ শ্ৰদ্ধাঞ্জলি। ইয়াৰ পিছতে প্ৰতিবাদস্থলীৰ পৰা চিলাপথাৰৰ নগৰ মাজ মজিয়াৰে উলিওৱা হয় এক বিশাল গণ সমদল।
জনজাতীকৰণ, স্বায়ত্ব শাসন আৰু ভূমিৰ পট্ৰনৰ দাবীত হাতে হাতে প্লে'কাৰ্ড ফেষ্টুন লৈ শ্লগানেৰে কঁপালে চিলাপথাৰৰ নগৰাঞ্চল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us