/asomiyapratidin/media/media_files/2025/08/08/46-2025-08-08-23-11-13.jpg)
ডিজিটেল সংবাদ, শিলচৰ : সমগ্ৰ ৰাজ্যৰ লগতে অসম চৰকাৰে বিদেশী ন্যায়াধীকৰণত অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ প্ৰদান কৰা নিৰ্দ্দেশৰ বিৰুদ্ধে শিলচৰতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই। আছুৰ কাছাৰ জিলা সমিতিয়ে শুকুৰবাৰে শিলচৰত গোচৰ প্ৰত্যাহাৰৰ চৰকাৰী নিৰ্দেশৰ প্ৰতিলিপি দাহ কৰি চৰকাৰী নিৰ্দেশৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে চৰকাৰৰ এই নিৰ্দেশৰ তীব্ৰ বিৰোধিতা কৰে। কোনো পধ্যেই চৰকাৰৰ এই নিৰ্দেশ মানি লোৱা নহ'ব বুলি চৰকাৰক হুচিয়াৰী প্ৰদান কৰে আছুৰ কাছাৰ জিলা সমিতিয়ে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, বিজেপি হায় হায়, "কা" আমি নামানো,অসম চুক্তি অনুসৰি বিদেশী খেদিবই লাগিব আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰে ।
শ্লোগান দিয়াৰ পিছত অসম চৰকাৰে বিদেশী ন্যায়াধীকৰণত অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ প্ৰদান কৰা নিৰ্দ্দেশৰ প্ৰতিলিপি দাহ কৰে। পিচত আছুৰ কেন্দ্ৰীয় সমিতিৰ নেতা আইনুল হক চৌধুৰী আৰু কাছাৰ জিলা সমিতিৰ সভাপতি কৃষ্ণমোহন সিংহই কোনো পধ্যেই চৰকাৰৰ এই নিৰ্দেশ মানি লোৱা নহব বুলি চৰকাৰক হুচিয়াৰী প্ৰদান কৰে ।
অসমত যি সকল অবৈধ বাংলাদেশী আছে, তেওঁলোকক অসম চুক্তিৰ আধাৰত অসমৰ পৰা খেলিবই লাগিব। অসমৰ খিলঞ্জীয়াসকলে পুৰ্বৰে পৰা "কা" ৰ বিৰোধিতা কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাব বুলি চৰকাৰক সঁকিয়াই দিয়ে।