তিনি সহস্ৰাধিক ছাত্ৰ নেতাই কপাঁলে সোৱনশিৰি প্ৰকল্প...

বিতৰ্কিত প্ৰকল্প বান্ধ বন্ধ কৰিবই লাগিবঃ আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱা
AASU
AASU

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলাৰ গেৰুকামুখত নিৰ্মীয়মাণ বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মান কাৰ্য বন্ধ কৰাৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ। শনিবাৰে গেৰুকামুখৰ এন এইচ পি চিৰ মূলদ্বাৰৰ সন্মুখত ধেমাজি জিলা ছাত্ৰ সন্থা আৰু লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত,সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় ,তিনিচুকীয়া চৰাইদেউ, শিৱসাগৰ, মাজুলী আৰু বিশ্বনাথ জিলাৰ তিনি সহস্ৰাধিক ছাত্ৰ কৰ্মীয়ে উত্তাল কৰি তোলে এন এইচ পি চিৰ মূলদ্বাৰ।

প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ, পোষ্টাৰ, প্লে'কাৰ্ড লৈ এন এইচ পি চিৰ কাম শীঘ্ৰেই বন্ধ কৰক, নামনি বাসীৰ নিৰাপত্তা সুনিশ্চিত কৰক, অসম চৰকাৰ হায়, হায় কেন্দ্ৰীয় চৰকাৰ হায় হায়, আদি শ্ল'গানেৰে আকাশ বতাহ কপাঁই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে ৷

মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ বৰুৱাই কয় যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনিত বসবাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা, অসমৰ বিশেষজ্ঞ সমিতি আৰু অসমৰ বিশেষজ্ঞ পৰামৰ্শক আওকান কৰি নামনি সোৱণশিৰি বৃহৎ নদী বান্ধ নিৰ্মান কাৰ্য চলাই থকাৰ ফলত প্ৰকল্প স্থলীত সৃষ্টি হৈছে নিৰাপত্তাহীন পৰিস্থিতি ৷

নদী বান্ধকলৈ সম্পাদক বৰুৱাই বিজেপিৰ মন্ত্ৰী, বিধায়ক আৰু সাংসদ ক্ৰমে ডা০ ৰনোজ পেগু, ভূৱন পেগু আৰু তপন কুমাৰ গগৈক কঠোৰভাৱে সমালোচনা কৰে ।

বৰুৱাই কয় যে, অসমৰ বিশেষজ্ঞ সমিতি আৰু বিশেষজ্ঞই বিজ্ঞানসন্মত পৰামৰ্শ শুনি আকোৰগোজ মনোভাৱ বলপূৰ্বক ভাৱে নামনি জলবিদ্যুৎ প্ৰকল্পৰ কাম চলাই থকা বাবে অভাবনীয় পৰিস্থিতি সৃষ্টি হৈছে। প্ৰকল্পটোৰ নামনিত বসৱাস কৰা জনসাধাৰণৰ নিৰাপত্তাহীনতা কথা পুনৰ প্ৰতিফলিত হ'ল চলিত বাৰিষাত এনে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল।

ভাষণত আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে তীব্ৰ ভাষাৰে কয় যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নির্মাণৰ আৰম্ভণিৰ পৰাই স্থানীয় ৰাইজে জাতীয় সংগঠনৰ নেতৃত্বত সংগ্রাম অব্যাহত ৰাখিছে। এই সংগ্ৰামৰ আৰম্ভণিৰ বিষয়সমূহেই আছিল সোৱণশিৰিৰ নামনিত বাস কৰা ৰাইজাৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ নিশ্চয়তা।

প্রকল্পটোৰ নামনিত পৰিব পৰা পাৰিপাৰ্শ্বিক প্রভাৱৰ সম্পৰ্কত এখন অত্যন্ত অসামণিক স্থানীয় বিশেষজ্ঞ সমিতি গঠনৰ দাবীত শান্তিপূর্ণ গণতান্ত্রিক আন্দোলনে ব্যাপক ৰূপ লৈছিল। অসমৰ জাতীয় সংগঠনৰ অভিভাৱকতত্বত চলি থকা আন্দোলনৰ তীব্ৰতা আৰু প্ৰসাৰে চৰকাৰক শান্তিপূর্ণ আলোচনাৰ বাবে বাধ্য কৰাইছিল। কাজেই ২০০৮ চনৰ ৮ ডিচেম্বৰ তাৰিখে সেই সময়ৰ অসম চৰকাৰৰ শক্তিমন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ অধ্যক্ষতাত সদৌ অসম ছাত্ৰ সন্থা, নামনি সোৱণশিৰি বাদ নির্মাণকাৰী সংস্থা, ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম লিমিটেড (এন. এইচ. পি. চি.) আৰু অসম চৰকাৰৰ মাজত ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হয়।

উক্ত বৈঠকৰ সিদ্ধান্ত অনুসৰি বান্ধৰ সুৰক্ষা আৰু নামনিত পৰিব পৰা প্রভাৱৰ সম্পৰ্কত অধ্যায়ন কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু আই টি আই গুৱাহাটীৰ বিশেষজ্ঞক লৈ এখন ৮ জনীয়া বিশেষজ্ঞ সমিতি গঠন হয়।

AASU
AASU

উক্ত সমিতিখনে নামনিত বিভিন্ন ধৰণৰ জৰীপ কৰি ২০০১ চনত মধ্যকালীন প্রতিবেদন আৰু ২০১০ চনৰ জুন মাহৰ ২৬ তাৰিখে চূড়ান্ত প্রতিবেদন দাখিল কৰে। এই প্রতিবেদনে নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত থকা সংগঠন আৰু ৰাইজৰ শংকাসমূহৰ সত্যতা প্রমাণ কৰে ।

২০০৬ চনৰ ত্ৰিপাক্ষিক আলোচনাৰ সিদ্ধান্ত অনুসৰি বিশেষজ্ঞ সমিতিখনে চূড়ান্ত প্রতিবেদন দাখিল নকৰালৈকে মূল বান্ধ নিৰ্মাণৰ কাম বন্ধ ৰখাৰ সিদ্ধান্ত আছিল যদিও এন এইচ পি চিৰ মিথ্যাচাৰিতাৰে বান্ধ নিৰ্মাণ কাৰ্যচলাই গৈছিল। পৰৱৰ্তী পৰ্যায়ত চলি থকা প্ৰতিবাদৰ ওচৰত সেও মানি মূল বান্ধ নির্মাণৰ কাম ২০১১ চনৰ ডিচেম্বৰ মাহৰ পৰা বন্ধ কৰি ৰাখিছিল।

সেই সময়ত ৰাজ্য আৰু কেন্দ্ৰত কংগ্ৰেছ চৰকাৰৰ শাসন আছিল। তেনে সময়তে ২০১০ চনৰ ১৭ নৱেম্বৰত গেৰুকামুখত বি জে পিৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙ আৰু ২০১৪ চনৰ ২২ ফেব্ৰুৱাৰীত অৰুনাচল প্ৰদেশৰ পাচিঠিঘাটত বিশাল নির্বাচনী সভাত নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰি বি জে পি চৰকাৰ শাসনলৈ আহিলে বৃহৎ নদীবান্ধ বন্ধ কৰাৰ কথা সদৰি কৰিছিল যদিও শাসনৰ গাদীত বহাৰ পাছত সম্পূর্ণ বিপৰীত মেৰুতে অৱস্থান কৰি নদীবান্ধ নিৰ্মাণৰ সেউজ সংকেত প্ৰদান কৰিছিল।

কেন্দ্ৰত বি জে পিৰ চৰকাৰ হোৱাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাই ২০১৪ চনৰ ১০ আৰু ১১ ডিচেম্বৰত নতুন দিল্লীত কেন্দ্রীয় চৰকাৰৰ শক্তিমন্ত্রী পীযুষ গোৱেল আৰু ক্রীড়ামন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যৌথ অধ্যক্ষতাত আছুকে ধৰি বৃহৎ নদীবান্ধ বিৰোধী সংগঠন সমূহ, বিশেষজ্ঞ সমিতি, বান্ধ নিৰ্মাণকাৰী সংস্থা এন এইচ পি চি আৰু অসম চৰকাৰৰ মাজত অনুষ্ঠিত আলোচনাত সর্বসম্মত সিদ্ধান্ত অনুসৰি প্ৰকল্প পুনৰীক্ষণ সমিতি নামেৰে পুনৰ এখন বিশেষজ্ঞ সমিতি গঠন কৰা হয়। সিদ্ধান্ত অনুসৰি প্ৰকল্প পুনৰীক্ষণ সমিতিয়ে দিয়া প্ৰতিবেদনৰ ভিত্তিত ত্ৰিপাক্ষিক আলোচনাৰ জৰিয়তে বিষয়টো মিমাংসা কৰা হ'ব ৷

কিন্তু চৰকাৰে দিয়া প্রতিশ্রুতি অনুসৰি বৰ্তমানলৈকে কোনোধৰণৰ আলোচনা অনুষ্ঠিত কৰাৰ বিপৰীতে উক্ত নদী বান্ধ নিৰ্মাণত পূর্ণ সহযোগিতা প্রদান কৰিছে। আন্দোলনৰ ধাৰাবাহিকতাৰ মাজতে চৰকাৰে অন্যায়ভাৱে অসমত নাগৰিকত্ব সংশোধনী আইন বলবৎৰ প্রচেষ্টা চলায়। সেই সময়তে সমগ্ৰ বিশ্বত দেখা দিয়া ক’ভিড মহামাৰীৰ সময়ত দেশত লক ডাউন আৰু সান্ধ্য আইন প্রৱর্তন হ'ল।

অসমত লকডাউন, সান্ধ্য আইনৰ সুযোগতে চৰকাৰ আৰু প্ৰশাসনে সংগোপনে নদীবান্ধ নিৰ্মাণৰ গোপনে সৰবৰাহ কৰি প্ৰকল্প স্থলীলৈ লৈ গৈছিল। ৰাইজক অন্ধকাৰত ৰাখি প্ৰশাসনৰ সহযোগত নদীবান্ধৰ সামগ্ৰী কঢ়িওৱা বাহনসমূহক বাধা প্ৰদান কৰাত কেইবাবাৰো প্ৰশাসনে ক’ভিড বিধি আৰু সান্ধ্য আইনৰ বলবৎৰ কথা দোহাই দি ছাত্ৰ সন্থা কৰ্মীৰ লগতে প্রতিবাদকাৰীক আতক কৰি ৰাখিছিল।

ছাত্ৰ সন্থা উন্নয়নৰ বিৰোধী নহয় ৷ কিন্তু মানুহৰ জীৱন আৰু সম্পত্তি তথা জৈৱ-বৈচিত্র্য প্ৰতি ভাবুকি প্ৰদান কৰা উন্নয়নৰ লগত ছাত্র সন্থাই কোনো দিনেই আপোচ নকৰে। ৰাইজৰ শংকাসমূহ বর্তমান সত্য প্রমাণিত হৈছে। এন এইচ পি চিয়ে ব্যৱস্থাৰ নিশ্চয়তা প্ৰদান কৰিছে যদিও প্রকল্পস্থলীত সংঘটিত হৈ থকা ঘটনাসমূহে নির্মাণ কার্যত থকা বিসংগতিসমূহ প্রতিস্ফূট কৰিছে। কেইবাটাও টাৰ্নেল ভাঙিছে গার্ড ৱাল খহিছে, শক্তি কক্ষত পানীত ডুব গৈছে, মূল বান্ধৰ ভিউ পইন্ট খহিছে।

বান্ধ নিৰ্মাণ কৰা দুয়োকাষৰ ধুনুকা পাহাৰ খহি সোৱণশিৰিৰ গতিপথ সলনি হোৱাৰ আশংকাই নামনিত বাস কৰা জনসাধাৰণক বর্তমান অধিক শংকিত কৰিছে বুলি উল্লেখ কৰি সোৱনশিৰি প্ৰকল্পৰ কাম বন্ধ ৰাখিবলৈ দাবী জনায় ৷

ইয়াৰ আগে প্ৰাক্তন ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি জিতু বৰাই প্ৰতিবাদী বক্তব্য ৰাখি জলব'মা সদৃশ নামনি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধকলৈ স্থানীয় ৰাইজ আৰু দল -সংগঠনে যি আশংকা কৰিছিল সেই আশংকা আজি সচা বুলি প্ৰমানিত হৈছে বুলি উল্লেখ কৰে ৷

তেওঁ বক্তব্যত এই বান্ধ নিৰ্মানকাৰী সংস্থা এন এইচ পি চিয়ে ইয়াত থকা পাহাৰখনকে আজিলৈকে নিৰাপত্তা দিব পৰা নাই উল্লেখ কৰি তেনে সংস্থাই নদী বান্ধ প্ৰকল্পৰ জৰিয়তে এই অঞ্চলৰ ৰাইজক কেনেকৈ সুৰক্ষা নিশ্চিত কৰিব প্ৰশ্ন কৰে ।

সেয়ে প্ৰাক্তন ছাত্ৰ নেতা গৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কোনো বিলম্ব নকৰাকৈ গেৰুকামুখত নিৰ্মীয়মাণ নদী বান্ধ কৰিবলৈ তেওঁ দাবী জনায় ৷ সদৌ ধেমাজি জিলা ছাত্র সন্থা আৰু সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰাৰ দাবীত শনিবাৰে অনুষ্ঠিত মানৱ শৃংখল কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় সমিতিৰ সমীৰণ ফুকন, সহ সাধাৰণ সম্পাদক পুলক বৰা, মুখ্য সাংগঠনিক সম্পাদক মন্টুৰাজ বৰুৱা, সাংগঠনিক সম্পাদক ধনমনি দত্ত, কাৰ্যনিৰ্বাহক ৰাজীৱ গগৈ, কাৰ্যনিৰ্বাহক ৰাণা সোনাৰ, সাংগঠনিক সম্পাদক অনুপ মৰাণ, কাৰ্যনিৰ্বাহক জিতু নেওগ, সাংগঠনিক নিখিল কোঁচ, কাৰ্যনিৰ্বাহক সূৰ্য ভূঞাঁ, সাংগঠনিক সম্পাদক পবিত্ৰ গোস্বামী, কাৰ্যনিৰ্বাহক ৰূপম দাস, সাংস্কৃতিক সম্পাদক তচেন ডেকাকে ধৰি বিভিন্ন জিলা ছাত্রসন্থাৰ সভাপতি, সম্পাদক ক্ৰমে লখিমপুৰ জিলাৰ সীমান্ত নেওগ, সভাপতি স্বৰাজ শংকৰ গগৈ সম্পাদক,ডিব্ৰুগড় জিলাৰ বুলবুল দত্ত সভাপতি সম্পাদক অৱনী গগৈ, সাধাৰণ সম্পাদক, তিনিচুকীয়া জিলাৰ ৰাজা বালিমৰা সভাপতি সম্পাদক সমৰ গোহাঁই, শিৱসাগৰ জিলাৰ মানৱ হাজৰিকা, সভাপতি, মাজুলী জিলাৰ অজিত নেওগ সভাপতি, সম্পাদক বিতুপণ শৰ্মা, সাধাৰণ সম্পাদক, বিশ্বনাথ জিলাৰ বিক্ৰম বিকাশ বৰা সভাপতি সম্পাদক ধ্ৰুৱ বৰা ,যোৰহাট জিলাৰ সংকল্প গগৈ সভাপতি আৰু সম্পাদক অৰ্জুন মনি ভূঞাঁ উপস্থিত থাকে ৷

শেষত মানৱ শৃংখল কাৰ্য্যসূচীত উপস্থিত থকা ছাত্ৰ সন্হাৰ অতিথিসকলক ধন্যবাদ জনায় বক্তব্য প্ৰদান কৰে ধেমাজি জিলা ছাত্ৰ সন্হাৰ সভাপতি দিপক শৰ্মাই ৷ কাৰ্যসূচীৰ আঁত ধৰে ধেমাজি জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in