AASAAৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত ফুলনি আঞ্চলিক সমিতি গঠন-সজাগতা সভা

চেণ্টাৰৰ ২ নং কাৰকক বিলাসপুৰী গাঁৱত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে ফুলনি আঞ্চলিক সমিতি গঠন কৰা হয় । 

author-image
Asomiya Pratidin
New Update
ASSYYSTTS

ডিজিটেল সংবাদ, হাওৰাঘাট: কাৰ্বি আংলং জিলাৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চেণ্টাৰৰ ২ নং কাৰকক বিলাসপুৰী গাঁৱত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে ফুলনি আঞ্চলিক সমিতি গঠন কৰা হয় । 

এদিনীয়া দিনজোৰা কাৰ্যসূচীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত সভাপতিত্ব কৰে জিলা সমিতিৰ উপ-সভাপতি ৰাজু গৌৰে । সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে জিলা সমিতিৰ সাধাৰন সম্পাদক মনোজ কুমাৰ সূৰ্যবংশীয়ে ।

বৰ্তমান সময়ত সমাজত চলি থকা অন্ধবিশ্বাস, কু-সংস্কাৰ, বাল্য বিবাহ, নাৰী শিক্ষা প্ৰচলন,  নিচাসক্ত আদি বিষয়ৰ সন্দৰ্ভত গঠনমূলক আলোচনা কৰা হয় । ইয়াৰোপৰি সভাত অসম চৰকাৰক চাহ বাগিচাৰ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৫৫১ টকা প্ৰদানৰ দাবী জনায় আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিয়ে ।

ইফালে, সজাগতা সভাৰ অনুষ্ঠানত ২১ জনীয়া সদস্য-সদস্যাকলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এখন শক্তিশালী ফুলনি আঞ্চলিক সমিতি গঠন কৰা হয় । ফুলনি আঞ্চলিক সমিতিত সাধাৰণ সম্পাদক হিচাপে কমলছিং উজীৰ আৰু সভাপতি হিচাপে ৰাজ হালবা'ক দ্বায়িত্বভাৰ প্ৰদান কৰা হয় ।

আনহাতে, অনুষ্ঠানত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ সূৰ্যবংশী, উপ-সভাপতি ৰাজু গৌড়, প্ৰচাৰ সম্পাদক ৰামছিং কোঁৱৰ সহ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ।

কাৰ্বি আংলং