/asomiyapratidin/media/media_files/2025/10/15/ujjjdd-2025-10-15-17-30-35.jpg)
ডিজিটেল ডেস্কঃ দিল্লীৰ অসম ভৱনত উপস্থিত হৈছে চিংগাপুৰৰ উপ উচ্চায়ুক্ত এলিচ চেং। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সৈতেও বৈঠকত বহিব ছিংগাপুৰৰ এই সহকাৰী উচ্চয়ুক্ত গৰাকী। কিন্তু ইয়াৰ পূৰ্বে তেওঁ বৈঠকত মিলিত হ’ব ভাৰতত থকা ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে।
নিশা ৮বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ হাতত ছিংগাপুৰে জুবিনৰ মৃত্যুকাণ্ডক লৈ কৰা তদন্তৰ প্ৰতিবেদন অৰ্পন কৰিব পাৰে এলিচ চেঙে। উল্লেখ কৰা প্ৰয়োজন যে, জুবিন মৃত্যুকাণ্ডক লৈ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰিবলৈকে দিল্লীত বাহৰ পাতি আছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
কেন্দ্ৰীয় গৃহমন্ত্ৰী, কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী আৰু ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে পৃথকে পৃথকে বৈঠকত অংশ ল’ব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাতৰ পূৰ্বেই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম ভৱনতে ছিংগাপুৰৰ উপ উচ্চায়ুক্তৰ সৈতেও বৈঠকত মিলিত হব মুূখ্যমন্ত্ৰগৰাকী।
ছিংগাপুৰৰ উপ উচ্চাযুক্তগৰাকীয়ে জনায় যে, জুবিন মৃত্যুকাণ্ডক লৈ ছিংগাপুৰতো অব্যাহত আছে তদন্ত।