পানীখেতি মিছিং গাঁৱত ঐনিতমৰ সুৰ- গোমৰাগ নৃত্যৰ লহৰ আৰু বৰ্ণিল কাৰ্যসূচীৰে লৃগাঙ উদযাপন

আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বৰহোলাৰ বেকাজান নগাবাট পানীখেতি মিছিং গাঁৱত মিছিং জনগোষ্ঠীৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি আয়ে লৃগাঙ উলহ-মালহেৰে উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
148

ডিজিটেল সংবাদ, বেকাজান : আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বৰহোলাৰ বেকাজান নগাবাট পানীখেতি মিছিং গাঁৱত মিছিং জনগোষ্ঠীৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি আয়ে লৃগাঙ উলহ-মালহেৰে উদযাপন কৰা হয় । লৃগাঙৰ উপলক্ষে পুৱা যৌথভাৱে পতাকা উত্তোলন কৰে সমাজকৰ্মী সৰ্বৰঞ্জন কুটুম আৰু মানৱজ্যোতি চিৰাঙে।

আনহাতে গছপুলি ৰোপন কৰে ৰাহুল কুটুম আৰু মহান চিৰাঙে। ইয়াৰ পিছত  দঞিঃ পলঃ দেৱতালৈ সেৱা জনাই  ধান সিঁচা অৰ্থাৎ আম লৃঃগদ কাৰ্যসূচীত আৰম্ভ কৰে  গাঁৱৰ জ্যেষ্ঠ নাগৰিকৰ কেমন পায়েং আৰু ইবেশ্বৰী দলে।  পৰম্পৰাগত ৰীতি-নীতি আৰু পৰঃ আপঙ ছটিয়াই পথাৰত ধানৰ বীজ সিঁচি এই কৃষি উৎসৱৰ শুভাৰম্ভ কৰা পিছতে গাঁৱৰ ৰাইজে মিছিং পৰম্পৰাগত খাদ্য পুৰাং  একেলগে  এসাঁজ খাই শস্যৰ ভঁৰাল উপচি পৰাৰ আশীৰ্বাদ বিচাৰে।

WhatsApp Image 2026-02-18 at 6.59.38 PM

চিৰঞ্জিত কুটুমে আঁত ধৰা লৃগাঙৰ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক মুকুতা চুতীয়া, অসমীয়া প্ৰতিদিনৰ সাংবাদিক মণ্টুচ্ কোঁৱৰ , সাংবাদিক অজয় শইকীয়া ,মুনমী লালিম, প্ৰধান  শিক্ষয়িত্ৰী মুনমী গগৈ, ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ সদস্য বিপুল কছাৰী, বিশিষ্ট চিকিৎসক ডাঃ সৌৰভ কুমাৰ বৰাকে ধৰি বহু গণ্য মান্য ব্যক্তি। বৰ্ণিল লোককৃষ্টি আৰু পৰম্পৰাৰে নগাবাট পানীখেতি মিছিং গাঁৱৰ বাকৰিত  পানীখেতি মিছিং গাঁৱৰ ডেকাই 'মিবু গালুগ' আৰু গাভৰুৱে 'এগে-গাছৰ' পিন্ধি ঐনিতমৰ সুৰত আৰু গোমৰাগ নৃত্যৰ তালে তালে আত্মহাৰা হৈ পৰে ।  

পুৰাং আপিনৰ সুবাস আৰু পঃৰ আপঙৰ তৃপ্তিৰে নগাবাট পানীখেতি মিছিং গাঁৱৰ এই উদযাপন কৰা আলি আয়ে লৃগাঙ কেৱল এটা উৎসৱ নহয় ই একতা আৰু মিলা-প্ৰীতিৰ এক অনন্য নিদৰ্শন হৈ পৰে।

বেকাজান