/asomiyapratidin/media/media_files/2026/02/18/3-2026-02-18-08-03-11.jpg)
ডিজিটেল ডেস্কঃ আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। অসমৰ দ্বিতীয় বৃহৎ জনজাতি হৈছে মিচিংসকল। গুমৰাগ নৃত্য, ঐনিতমৰ সুৰেৰে মুখৰিত হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্ত। প্ৰতিবছৰৰ দৰে এইবাৰো ফাগুন মাহৰ প্ৰথমটো বুধবাৰত মিচিংসকলে এই উৎসৱ পালন কৰিব। অৱশ্যে এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি এক উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত আলি আঃয়ে লৃগাংক "বানে কেবাঙে" নামেৰে জনা গৈছিল।
/asomiyapratidin/media/post_attachments/df30c6db-fef.jpg)
প্ৰথমে ফাগুন, চ'ত, ব’হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰা হৈছিল যদিও ১৯৫৬ চনৰ পৰা মিচিংসকলে ফাগুন মাহৰ প্ৰথমটো বুধবাৰত আলি আঃয়ে লৃগাং হিচাপে পালন কৰি আহিছে।
মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচিবলৈ আৰম্ভ কৰা, অৰ্থাৎ আলি আঃয়ে লৃগাং মানেই হৈছে শস্য সিঁচাৰ প্ৰথম দিন। আলি আঃয়ে লৃগাং উৎসৱ পূৰ্বতে পাঁচদিনীয়াকৈ পালন কৰা হৈছিল। প্ৰথম দিনটোত ৰীতি অনুসৰি শস্য সিঁচা হয়। পথাৰৰ পূব দিশৰ এটা কোণৰ প্ৰায় ২ ৰ পৰা ৩ ফুট পৰ্যন্ত বহল আৰু ৩ৰ পৰা ৪ ফুট দীঘল ঠাই এটুকুৰা চাফ-চিকুণ কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/18/whatsapp-image-2026-02-18-08-04-42.jpeg)
এই উৎসৱ পালনৰ ৩ সপ্তাহমান পূৰ্বৰে পৰা গৃহিণীসকলে পঃৰ আপং (ছাইমদ) আৰু নগিন আপং (বগা মদ) আৰু লৃগাংত ব্যৱহাৰ হোৱা পুৰাং আপিন (তৰাপাতেৰে চাউলৰ টোপোলা বান্ধি প্ৰস্তুত কৰা বিশেষ ভাত) প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগাৰ কৰে। এই লৃংগাঙত যুৱতীসকলে মচাং, এগ, ৰিঃবি গাচেম, গেৰঃ, দুমৰি আদি প্ৰস্তুত কৰে। গৃহিণীসকলে পুৱাই উঠি সকলো পৰিস্কাৰ কৰি পুখুৰীত মাছ ধৰে। আলি আঃয়ে লৃগাঙৰ দিনা প্ৰতিগৰাকী মিচিং ঘৰত পুৰাং, আপং আদিৰ লগতে শুকান মাছৰ চাটনি, গাহৰি আদিকে ধৰি বিভিন্ন ধৰণৰ ব্যঞ্জন প্ৰস্তুত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us