৩০সংখ্যক ALCHERINGA 2026ৰ সফল সামৰণি...

২৯ জানুৱাৰীৰ পৰা ১ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা‘ ALCHERINGA-2026’ সফল সমাপ্তি  কৰে জনপ্ৰিয় তথা বলীউডৰ কণ্ঠশিল্পী চানে । ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ অন্যতম সৰ্ববৃহৎ এই সাংস্কৃতিক সমাৰোহত অংশ লয় লক্ষাধিক লোকে।

author-image
Asomiya Pratidin
New Update
djhdjjd

ডিজিটেল সংবাদ, উত্তৰ গুৱাহাটীঃ  ২৯ জানুৱাৰীৰ পৰা ১ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা‘ ALCHERINGA-2026’ সফল সমাপ্তি  কৰে জনপ্ৰিয় তথা বলীউডৰ কণ্ঠশিল্পী চানে । ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ অন্যতম সৰ্ববৃহৎ এই সাংস্কৃতিক সমাৰোহত অংশ লয় লক্ষাধিক লোকে।

এই চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আলচেৰিংগা মহোৎসৱত দেশৰ আগশাৰীৰ প্ৰায় ৫০০ খন উচ্চ শিক্ষানুষ্ঠানৰ কেইবা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।  লআলচেৰিংগা মহোৎসৱ ২০২৬ৰ আহ্বায়ক আৰিয়ান সিঙে কয়, “সমগ্ৰ ভাৰতবৰ্ষৰ ৫০০ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে বিভিন্ন শিতানত অংশগ্ৰহণ কৰিছে ৷

ৰেপাৰ আৰু গীতিকাৰ ৰাফটাৰ, হিপ হপ আৰ্টিষ্ট কৰ্ম, আৰু ইণ্ডিয়ান আৰ্টিষ্ট জিমি আৰু বলীউড ষ্টাৰ শ্বানৰ সংগীতানুষ্ঠানে অধিক প্ৰাণৱন্ত কৰি তোলে এই অনুষ্ঠান।  বলিউদৰ কণ্ঠশিল্পী শ্বানে মঞ্চত হাজাৰ হাজাৰ দৰ্শক তথা শিক্ষাৰ্থী সকলৰ মাজত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সৈতে কটোৱা সেই স্মৃতি কথাও উল্লেখ কৰে । তেওঁ কয় যে জুবিন এজনেই যিয়ে নিজৰ গানেৰে সমাজৰ বাবে জনতাৰ হৃদয়ত ৰৈ যাব । জুবিন গাৰ্গৰ সোঁৱৰণিত "মায়াবিনী" "মায়া" গীতো পৰিৱেশন কৰে বলিউদৰ তাৰকাগহৰাকীয়ে। 

আই আই টি গুৱাহাটী গুৱাহাটী