৩০ সংখ্যক আলচেৰিংগা মহোৎসৱৰ সফল সামৰণি

দেশৰ আগশাৰীৰ প্ৰযুক্তিবিদ্যাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত ২৯ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা ৩০ সংখ্যক আলচেৰিংগা মহোৎসৱৰ সফল সামৰণি পৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ দেশৰ আগশাৰীৰ প্ৰযুক্তিবিদ্যাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত ২৯ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা ৩০ সংখ্যক আলচেৰিংগা মহোৎসৱৰ সফল সামৰণি পৰে। ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ অন্যতম সৰ্ববৃহৎ এই সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰে । এই চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আলচেৰিংগা মহোৎসৱত দেশৰ আগশাৰীৰ প্ৰায় ৫০০ খন উচ্চ শিক্ষানুষ্ঠানৰ কেইবা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। 

WhatsApp Image 2026-02-02 at 6.14.09 PM

আলচেৰিংগা মহোৎসৱ ২০২৬ৰ আহ্বায়ক আৰিয়ান সিঙে কয় যে, “সমগ্ৰ ভাৰতবৰ্ষৰ ৫০০ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে বিভিন্ন শিতানত অংশগ্ৰহণ কৰিছে ৷ আনফালে ভাৰতীয় ৰেপাৰ আৰু গীতিকাৰ ৰাফটাৰ, হিপ হপ আৰ্টিষ্ট কৰ্ম আৰু ইণ্ডিয়ান আৰ্টিষ্ট জিমি আৰু বলীউড ষ্টাৰ শ্বানে সংগীতানুষ্ঠান পৰিৱেশন কৰে । অতি সুন্দৰ আৰু শৃঙ্গখলাবদ্ধ ভাৱে আলচেৰিংগা মহোৎসৱ পৰিচালিত হয়। আনফালে বলিউদৰ কণ্ঠশিল্পী শ্বানে মঞ্চত হাজাৰ হাজাৰ দৰ্শক তথা শিক্ষাৰ্থী সকলৰ মাজত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সৈতে কটোৱা সেই স্মৃতি কথাও উল্লেখ কৰে । তেওঁ কয় যে জুবিন এজনেই যিয়ে নিজৰ গানেৰে সমাজৰ বাবে জনতাৰ হৃদয়ত ৰৈ যাব। জুবিনৰ সোঁৱৰণীত "মায়াবিনী"  আৰু "মায়া" গীতো পৰিৱেশন কৰে।

গুৱাহাটী