/asomiyapratidin/media/media_files/2025/09/05/alakesh-5-2025-09-05-08-00-45.jpg)
ডিজিটেল সংবাদ গুৱাহাটী: এ.কে. ফাউণ্ডেচনে প্ৰয়াত কবি অলকেশ কলিতাৰ স্মৰণত 'অলকেশ কলিতা স্মাৰক কাব্যদ্ৰষ্টা সন্মান' ঘোষণা কৰিছে। বৃহস্পতিবাৰে গুৱাহাটী আৰ্টিষ্ট গীল্ডত আয়োজন কৰা 'বেলিবোৰৰ মাজত আৰু এটা বেলি শীৰ্ষক 'কথা আৰু কবিতাৰ বৰ্ণাঢ্য অনুষ্ঠান'ত এই ঘোষণা কৰে এ.কে. ফাউণ্ডেচনৰ জ্যোৎস্না কলিতাই।
প্ৰতি বছৰে প্ৰয়াত অলকেশ কলিতাৰ জন্মদিন অৰ্থাৎ ৪ ছেপ্তেম্বৰত এই 'অকলেশ কলিতা স্মাৰক কাব্যদ্ৰষ্টা সন্মান' প্ৰদান কৰা হ'ব। অসমীয়া কাব্যজগতৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই সন্মান প্ৰদান কৰা হ'ব। ইয়াৰ ক্ষেত্ৰত বয়সৰ কোনো সীমা নাথাকে।
অলকেশ কলিতা স্মাৰক ন্যাসৰ ফালৰ পৰা এই সন্মানৰ বাবে জ্যুৰী বাচনি কৰা হ'ব আৰু সেই জ্যুৰীয়ে এই সন্মানৰ নীতি নিৰ্দেশনা স্থিৰ কৰি সন্মাম প্ৰাপক নিৰ্বাচন কৰিব। এই সন্মানৰ লগত নগদ ৩১হেজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰা হ'ব।
প্ৰয়াত কবি অলকেশ কলিতাৰ ৪০ সংখ্যক জন্মদিনত এ.কে.ফাউণ্ডেচনৰ সহযোগত অনুৰাগ সাহিত্য আলোচনী আৰু সেউজী সেউজী কাব্য আলোচনীৰ উদ্যোগত এই অনুষ্ঠান আয়োজন কৰা হয়। বিশিষ্ট কবি,সমালোচক ড° পূৰ্ণ ভট্টাচাৰ্যৰ সঞ্চালনত পৰিচালিত অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি নীলিম কুমাৰ, কবি অৰ্চনা পূজাৰী।
অনুষ্ঠানটোত বহুকেইগৰাকী জনপ্ৰিয় কবিয়ে নিজৰ লগতে প্ৰয়াত অলকেশ কলিতাৰ কবিতা পাঠ কৰে। অনুষ্ঠানটোত কবিতা পাঠ কৰে দেৱপ্ৰসাদ তালুকদাৰ,কুশল দত্ত,ৰাজীৱ ফুকন,প্ৰাঞ্জল এ. শৰ্মা,দ্বীপ ৰাজ, জোনমনি দাস,দিগন্ত নিবিড়,সংগীতা মেধি,মেল'ডী পাটগিৰি, শান্তনু শৰ্মা, বিনয় মজুমদাৰ, কমল কুমাৰ জৈন, মিণ্টুল হাজৰিকা, ধীমান বৰ্মন আদি কবিয়ে।