/asomiyapratidin/media/media_files/2026/01/20/gssddsdsd-2026-01-20-08-15-12.jpg)
ডিজিটেল ডেস্কঃ নিশা মুম্বাইৰ জুহু অঞ্চলত বলীউড অভিনেতা অক্ষয় কুমাৰৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে। তথ্য অনুসাৰে, এখন তীব্ৰবেগী মাৰ্ছিডিছ বাহনে প্ৰথমে এখন অট’ৰিক্সাক খুন্দা মাৰে। খুন্দাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই অট’খনে পিছত অভিনেতা অক্ষয় কুমাৰৰ কনভয়ত থকা বাহন এখনত খুন্দা মাৰে।
ঘটনাটো সংঘটিত হোৱাৰ সময়ত অভিনেতাগৰাকী পত্নীৰ সৈতে বাসগৃহলৈ গৈ আছিল বুলি জানিব পৰা গৈছে। সৌভাগ্যবশত এই দুৰ্ঘটনাত অক্ষয় কুমাৰ বা তেওঁৰ পত্নীৰ কোনো গুৰুতৰ আঘাত হোৱা নাই। অৱশ্যে অট’ চালক সামান্যভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু তদন্ত আৰম্ভ কৰে। দুৰ্ঘটনাত জড়িত মাৰ্ছিডিছ বাহনখনৰ চালকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰস্তুতি চলিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us