/asomiyapratidin/media/media_files/2025/11/21/2-2025-11-21-17-59-27.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিবাদত কঁপিল উঠিল চিলাপথাৰ । প্ৰায় সহস্ৰাধিক লোকৰ প্ৰতিবাদী সমদলত উত্তাল ৰাজপথ।
উল্লেখ্য যে কোচ ৰাজবংশী লোকসকলক জনজাতিকৰণৰ দাবীত চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত আক্ৰাছুৱে বিশাল প্ৰতিবাদী গণ সমাৱেশ আয়োজন কৰে ৷ এই প্ৰতিবাদী গণ সমাৱেশত জনজাতিকৰণৰ দাবীত শ্ল’গানেৰে উত্তাল হৈ পৰে সমাৱেশস্থলী ৷
প্ৰাণিধানযোগ্য যে, ধেমাজি আৰু ডিব্ৰুগড় জিলা আক্ৰাছু সমিতি আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ যৌথ উদ্যোগত কোচ ৰাজবংশীক জনজাতিকৰণ লগতে পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু KLO'ৰ লগত শান্তি চুক্তিৰ আলোচনাৰ দাবী জনায় । আনপিনে গণ সমাৱেশৰ পিছতেই চিলাপথাৰ নগৰখনত এক প্ৰতিবাদী সমদল বাহিৰ কৰা পৰিলক্ষিত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us