Advertisment

উন্নাৱৰ নিৰ্যাতিতা যুৱতীৰ দুৰ্ঘটনাৰ চিবিআই তদন্ত দাবী কংগ্ৰেছ-অখিলেশৰ, মাতৃৰ অভিযোগ- দুৰ্ঘটনাৰ আঁৰত বিধায়কৰ হাত

উন্নাৱৰ নিৰ্যাতিতা যুৱতীৰ দুৰ্ঘটনাৰ চিবিআই তদন্ত দাবী কংগ্ৰেছ-অখিলেশৰ, মাতৃৰ অভিযোগ- দুৰ্ঘটনাৰ আঁৰত বিধায়কৰ হাত

author-image
asomiyapratidin
New Update
উন্নাৱৰ নিৰ্যাতিতা যুৱতীৰ দুৰ্ঘটনাৰ চিবিআই তদন্ত দাবী কংগ্ৰেছ-অখিলেশৰ, মাতৃৰ অভিযোগ- দুৰ্ঘটনাৰ আঁৰত বিধায়কৰ হাত

ডিজিটেল ডেস্কঃ উন্নাৱৰ বিজেপি বিধায়কৰ বিৰুদ্ধে বলাৎকাৰ অভিযোগ উত্থাপন কৰা যুৱতীৰ পৰিয়ালসহ দেওবাৰে সন্ধিয়া সংঘটিত দুৰ্ঘটনাৰ চিবিআই তদন্ত দাবী কৰিছে সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে। তেওঁ এই ঘটনা এক পৰিকল্পিত হত্যাৰ চেষ্টা বুলি দাবী কৰে।

Advertisment

অখিলেশ যাদৱে কয় যে নিৰ্যাতনৰ বলি হোৱা যুৱতীগৰাকীৰ সুৰক্ষাৰ স্বাৰ্থত নিৰাপত্তাৰক্ষী প্ৰদানৰ নিৰ্দেশ দিছিল আদালতে। কিন্তু নিৰ্যাতিতা যুৱতীগৰাকীৰ পৰিয়ালৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত নাছিল কোনো নিৰাপত্তাৰক্ষী। যাৰ বাবে এই দুৰ্ঘটনা সাধাৰণ দুৰ্ঘটনা আছিল নে তাক পৰিকল্পিতভাৱে সংঘটিত কৰা হৈছিল, সেয়া চিবিআই তদন্ত কৰিলে পোহৰলৈ আহিব বুলি মন্তব্য কৰে অখিলেশ যাদৱে।

ইফালে কংগ্ৰেছেও এই দুৰ্ঘটনাটোক পৰিকল্পিত আখ্যা দি ইয়াৰ তদন্ত চিবিআইক অৰ্পণ কৰাৰ দাবী তুলিছে। যুৱতীগৰাকীৰ মাতৃয়েও এই ঘটনাৰ আঁৰত উন্নাৱৰ বিজেপি বিধায়কজন জড়িত থকাৰ দাবী কৰিছে। যুৱতীগৰাকীৰ মাতৃয়ে অভিযোগ কৰা মতে, তেওঁলোকে পূৰ্বৰে পৰাই বিধায়কৰ হৈ কাম কৰা লোকৰ পৰা ভাবুকি লাভ কৰি আহিছিল।

উল্লেখ্য যে, দেওবাৰে সন্ধিয়া ৰায়বৰেলী কাৰাগাৰত কাৰাবন্দী হৈ থকা খুৰাকক সাক্ষাৎ কৰি উভতি আহি থকাৰ সময়ত ৰাষ্ট্ৰীয় ৰাজমাৰ্গ ৩১ত এখন ট্ৰাকে খুন্দা মাৰিছিল নিৰ্যাতিতা যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালটোৱে আহি থকা বাহনখনত। এই দুৰ্ঘটনাত যুৱতী গৰাকীৰ ২ আত্মীয় মহিলাৰ মৃত্যু ঘটে। ঘটনাৰ পিছতে আৰক্ষীয়ে ট্ৰাকখনৰ মালিক দেবেন্দ্ৰ সিং আৰু চালক আশীষ পালক গ্ৰেপ্তাৰ কৰি সোধা পোছা অব্যাহত ৰাখিছে।