ছিঙ্গাপুৰলৈ ফাৰ্ষ্ট ক্লাছ ফ্লাইটৰ টিকট আৰু ফাইভ ষ্টাৰ হোটেলৰ অফাৰক লৈ অখিল গগৈয়ে কি ক'লে...

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে উদ্যোগী মহিলা ৰিণিকি ভূঞা শৰ্মাই। আজি সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ এই কথা ৰাজহুৱা কৰিছে শৰ্মাই। 

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ  ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে উদ্যোগী মহিলা ৰিণিকি ভূঞা শৰ্মাই। আজি সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ এই কথা ৰাজহুৱা কৰিছে শৰ্মাই। 

ৰিণিকি ভূঞা শৰ্মাৰ এই ঘোষণাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে। সামাজিক মাধ্যমত ইটোৰ পাছতো সিটো পোষ্ট লিখি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গগৈয়ে। প্ৰথমটো পোষ্টত তেওঁ লিখিছে-  গোচৰ দি কোনেও মোক জুবিন গাৰ্গৰ মৃত্যু/ হত্যাৰ তদন্তৰ দাবী জনোৱাৰ পৰা বিৰত কৰিব নোৱাৰে। অসীম ধৈৰ্যৰে জুবিনদাৰ ন্যায়ৰ বাবে ৰৈ আছোঁ। #JusticeForZubeenGarg ।

দ্বিতীয়টো পোষ্টত ৰিণিকি ভূঞা শৰ্মাক কটাক্ষ কৰি গগৈয়ে লিখিছে-   মোক ছিঙ্গাপুৰলৈ ফাৰ্ষ্ট ক্লাছ ফ্লাইট-টিকট আৰু ফাইভ ষ্টাৰ হোটেলৰ ছিট দিয়াতকৈ তদন্তকাৰী সংস্থাক জুবিনদাৰ তদন্তৰ বাবে ছিঙ্গাপুৰলৈ যাবলৈ নিৰ্দেশ দিবলৈ এবাৰ আপোনাৰ পতি দেৱতাক কওকনা।

এইদৰে এতিয়া তুংগত উঠিছে ৰিণিকি ভূঞা শৰ্মা আৰু অখিল গগৈৰ সামাজিক মাধ্যমৰ যুদ্ধ। উল্লেখ্য যে, বিধায়ক অখিল গগৈকে ধৰি একাংশই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পাছতে ৰিণিকি ভূঞা শৰ্মাকো লক্ষ্য কৰি লৈ বিভিন্ন অভিযোগ উত্থাপন কৰিছিল। জুবিনৰ মৃত্যুৰ পাছতো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান 'গল্ডেন থ্ৰেডছ'ৰ দ্বাৰা আয়োজিত ফেশ্বন শ্ব’ চলি আছিল বুলি অভিযোগ কৰাৰ লগতে তেওঁৰ প্ৰতিষ্ঠানৰ সৈতে শ্যামকানু মহন্তৰ কি সম্পৰ্ক সেই বিষয়ত তদন্তৰ দাবী উত্থাপন কৰিছিল। 

তাৰ মাজতে ৰিণিকি ভূঞা শৰ্মাৰ নাম সাঙুৰিও কেইবাখনো থানাত জুবিনৰ মৃত্যুৰ ঘটনাক লৈ দাখিল হৈছিল অভিযোগ। এনে পৰিস্থিতিৰ মাজতেই বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা অভিযোগক কেন্দ্ৰ কৰি ৰিণিকি ভূঞা শৰ্মাই আইনী পদক্ষেপ গ্ৰহণ কৰিছে। আজি তেওঁ অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ দাখিল কৰিছেএ। অহা ৩০ অক্টোবৰত কামৰূপ মুখ্য ন্যায়াধীশৰ আদালত এই গোচৰৰ প্ৰথম শুনানি অনুষ্ঠিত হ’ব।

অখিল গগৈ...