/asomiyapratidin/media/media_files/2025/12/30/uhhh-2025-12-30-21-56-20.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ বিজেপিয়ে সৰ্বানন্দ সোণোৱালৰ দিনত ২০১৬-২০২০ চনলৈ অসমৰ পৰা বিদেশী বহিস্কাৰ কৰিলে ২৬০ জন আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত (২০২১-২০২৫ৰ ৩০ অক্টোবৰলৈ ) বিদেশী বহিস্কাৰ কৰিলে ১,৪১৬ জন । ১০ বছৰত বিজেপি চৰকাৰে অসমৰ পৰা মুঠ বিদেশী খেদিলে মুঠ ১,৬৭৬ জন। অৰ্থাৎ, বিজেপিয়ে প্ৰতি ২.০৬ দিনত ১ জনকৈ বিদেশী খেদিবলৈ সক্ষম হ’ল। এদিনত ০.৪৮ জনকৈ বিদেশী খেদিলে।
এই হিচাপত বিদেশী খেদিলে তেওঁলোকে দাবী কৰা ৪০ লাখ বিদেশী খেদিবলৈ লাগিব ৮২ লাখ ৪০ হাজাৰ দিন । অৰ্থাৎ, ২২,৫৭৫.৩৪ বছৰতহে বিজেপিয়ে বিদেশী খেদি শেষ কৰিব। গতিকে বিদেশীমুক্ত অসমৰ বাবে বিজেপিক আৰু ৫ বছৰ দিলে নহ’ব, দিব লাগিব ২২,৫৭৫ বছৰ! আজি কাজিৰঙাত সম্বোধন কৰা সংবাদ মেলত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিদেশীমুক্ত অসম গঢ়িবলৈ আৰু ৫ বছৰ অসমবাসীক বিচৰা সন্দৰ্ভত তেওঁৰ বক্তব্যৰ উত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আক্ৰমণাত্মক হৈ পৰে।
দুটা কাৰ্যকাল অসম শাসন কৰি বোলে পুনৰ ৫ বছৰ লাগে বিজেপিক অসম বিদেশীমুক্ত কৰিবলৈ। তলৰ চাৰ্টখনত বিজেপিৰ সৰ্বানন্দ সোণোৱালৰ কাৰ্যকাল আৰু হিমন্ত বিশ্বৰ কাৰ্যকালত বহিস্কাৰ কৰা বিদেশীৰ সংখ্যা চাওক। লগতে তৰুণ গগৈৰ কংগ্ৰেছৰ কাৰ্যকালত বহিস্কাৰ কৰা বিদেশীৰ সংখ্যাও তুলনা কৰি চাব পাৰে।
বিজেপিয়ে পুনৰ টেঙা আম বেচিবলৈ অসমলৈ আহিছে। ২০১৪ চনতে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে কৈছিল— ১৬ মে’ৰ পৰা বিদেশীয়ে টালি-টোপোলা বান্ধি পলাব লাগিব। তেনেকুৱা টালি-টোপোলা দিৱস ১২ টা পাৰ হ’ল। বিদেশী নগ’ল—- বিদেশী নাগৰিকক ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিবলৈ বৰং “ নাগৰিকত্ব( সংশোধনী) আইন, ২০১৯”আনিলে!
২০১৬ চনৰ নিৰ্বাচনত বিজেপিয়ে দিয়া “বিদেশীমুক্ত”, “বানপানীমুক্ত “, “দুৰ্নীতিমুক্ত” আৰু “নিবনুৱামুক্ত” অসমৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল। পুনৰ নিৰ্বাচন অহাৰ লগে লগে আকৌ দিল্লীৰ পৰা উপস্থিত হ’লহি অমিত শ্বাহ। এইবাৰ অসমবাসীয়ে মিছলীয়া বিজেপিৰ কথাত ভোল নাযায় বুলি সংবাদমেলত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us