/asomiyapratidin/media/media_files/2025/11/27/ujjj-2025-11-27-09-15-57.jpg)
ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি তৃতীয়টো দিন। প্ৰতিদিনাৰ দৰে আজিও প্ৰতিবাদেৰেই বিধায়ক অখিল গগৈয়ে আৰম্ভ কৰা দিনটো। মৰাণ, মটক, আহোম, চুতীয়া, কোঁচ-ৰাজবংশী আৰু চাহ-জনগোষ্ঠীয়, আদিবাসীসকলক তৎকালীনভাৱে জনজাতিকৰণৰ দাবীত বিধানসভাৰ বাহিৰত অখিল গগৈ প্ৰতিবাদ বহিল।
উল্লেখ কৰা প্ৰয়োজন যে, আজি সদনত দাখিল কৰা হ'ব ছয় জনগোষ্ঠীক লৈ প্ৰস্তুত কৰা মন্ত্ৰীগোটৰ প্ৰতিবেদন। যোৱা ২৬নৱেম্বৰ, ২০২৫ত হোৱা কেবিনেটত এই মন্ত্ৰীগোটৰ প্ৰতিবেদনত অনুমোদন জনোৱা হয়। ৰাজ্যিক কেবিনেটে অসমৰ ৬ টা বৃহৎ জনগোষ্ঠী ক্রমে টাই আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী (আদিবাসী) সম্প্রদায়ক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰস্তাৱ সম্পৰ্কত গঠন কৰা মন্ত্ৰীমণ্ডলীৰ প্ৰতিবেদন অসম বিধানসভাত দাখিল কৰাত অনুমোদন জনাইছিল।
এই প্রতিবেদন অসম বিধানসভাত দাখিল কৰাৰ পিছত ৰাজ্য চৰকাৰে ভাৰত চৰকাৰৰ গৃহ মন্ত্রণালয়লৈ প্ৰেৰণ কৰিব। শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেণ্ডৰ নেতৃত্বত গঠিত এই তিনিজনীয়া মন্ত্ৰীমণ্ডলীৰ আন দুগৰাকী সদস্য হ'ল জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা আৰু তথ্য-প্রযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us