/asomiyapratidin/media/media_files/2026/03/06/idjdjd-2026-03-06-23-33-27.jpg)
ডিজিটেল ডেস্কঃ অখিল গগৈৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা এক নিমিলা অংক হৈ পৰিছে। অখিল গগৈক এৰি এফালে বিৰোধী সকলো দলৰ বৈঠক আৰু আনফালে এই পৰিৱেশ দেখি যেন হতাশ হৈ পৰিছে অখিল গগৈ। অকলে যেন শান্তিত থাকিব পৰা নাই অখিল গগৈ। যাৰ বাবে নিশাভাগত অসন্তুষ্টি, অশান্তি মনেৰে ফেচবুকত পোষ্ট দিছে এইদৰে- সৰ্বশেষ চেষ্টাও ব্যৰ্থ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/06/70801cd8-ba57-4981-8dd1-0ef344db4676-2026-03-06-23-36-03.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, গুৱাহাটীৰ বেলতলাস্থিত গ্ৰীণউড হোটেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, চিপিআইএমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ আৰু এপিএইছএলচি দলৰ সভাপতি জন ইংতি কাথাৰে শুকুৰবাৰে এখন উমৈহতীয়া সংবাদমেল সম্বোধন কৰিছিল।
সংবাদমেলৰ আৰম্ভণিতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কয়, ''বহাগ বিহুৰ পূৰ্বে অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সেয়ে সময় যথেষ্ট সীমিত। এই ৩০ দিন যথেষ্ট মূল্যৱান। বিৰোধী দলৰ সভাপতিসকলে কৈছে যে মিত্ৰতা প্ৰয়োজনীয়। যি প্ৰচাৰ চলাব লাগিছিল সেয়া হৈ উঠা নাই। কাৰণ সকলোৱে নিজৰ নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত ব্যস্ত হৈ আছিল। কিন্তু এতিয়া একগোট হৈ মানুহৰ মাজত কথাবোৰ লৈ যোৱাতো প্ৰয়োজনীয় হৈ পৰিছে। সেয়ে আজি আমি একত্ৰিত হৈছো।’’
আজিৰ সংবাদমেলৰ পিছতে উজনি, নামনি, বৰাক উপত্যকা আৰু পাহাৰীয়া জিলা সৰ্বত্ৰে বিৰোধীয়ে একত্ৰিতভাৱে প্ৰচাৰ অভিযান চলাব বুলিও উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। একেদৰে আজি সংবাদমেলত অংশগ্ৰহণ নকৰিলেও ৰাইজৰ দল, চিপিআই, চিপিএমএলৰ সৈতেও আলোচনা চলি আছে বুলিও সদৰী কৰে গগৈয়ে। গগৈয়ে আৰু কয়, ''আমি একত্ৰিত হ’ব বিচাৰো বুলি ইমানদিনে কৈ আহিছিলো আৰু আজিৰে পৰা সেয়া আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল।’’
কিন্তু লক্ষ্যণীয়ভাৱে এই সংবাদমেল তথা আলোচনা চক্ৰত উপস্থিত নাছিল ৰাইজৰ দলৰ নেতৃত্ব তথা কোনো প্ৰতিনিধি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us