বিশ্বৰ সমুখত কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰে বদনাম হৈছেঃ অখিল গগৈ

গুৱাহাটীত পষ্ট মেলনৰ অনুষ্ঠানত বিদেশী মহিলা পৰ্যটক নিৰ্যাতিত হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। সাংবাদিকৰ আগত বিধায়কগৰাকীয়ে উল্লেখ কৰে যে, এইয়া এক গুৰুতৰ ঘটনা।

author-image
Asomiya Pratidin
New Update
fdfdfdfdf

ডিজিটেল সংবাদ, কাজিৰঙাঃ গুৱাহাটীত পষ্ট মেলনৰ অনুষ্ঠানত বিদেশী মহিলা পৰ্যটক নিৰ্যাতিত হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। সাংবাদিকৰ আগত বিধায়কগৰাকীয়ে উল্লেখ কৰে যে, এইয়া এক গুৰুতৰ ঘটনা। পৰ্যটন বৃদ্ধি কৰাৰ বাবে অনুষ্ঠিত কৰা অনুষ্ঠানত এনে ঘটনা ঘটিলে পৰ্যটনত বিৰোপ প্ৰভাৱহে পৰিব। কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰে বিশ্বৰ সমুখত বদনাম হৈছে। বিশ্বৰ সমুখত যাতে অসম পুনৰ লজ্জানত হবলগা নহয় তাৰ বাবে অসম আৰক্ষীক কঠোৰতম ব্যৱস্থা গ্ৰহণৰ দাবী অখিল গগৈৰ।

আনহাতে, জুবিন গাৰ্গৰ মৃৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট SIT য়ে দাখিল কৰাক লৈয়ো প্ৰতিক্ৰিয়া অখিল গগৈৰ।অখিল গগৈৰ মতে এই চাৰ্জশ্বীটে আমাক ন্যায় দিব নোৱাৰে ।এইখন চাৰ্জশ্বীট কেৱল কি উদ্দেশ্যেৰে হত্যা কৰা হৈছিল সেই কথাৰ ওপৰত গুৰুত্ব দিছে। ছিংগাপুৰ চৰকাৰে দিয়া প্ৰতিবেদন অনুসৰি জুবিন গাৰ্গৰ মৃত্যু হত্যাকাণ্ড নহয় বুলি স্পষ্টকৈ কৈছে তেনেস্থলত হত্যাকাণ্ড কিয় হল তাৰ তদন্ত কৰি থাকিলে তাৰ ফলাফল নোলায় বুলি কয় অখিল গগৈয়ে।

অখিল গগৈৰ মতে এই অৰ্ধসমাপ্ত চাৰ্জশ্বীট। এই তদন্ত এক ভেকোভাওনাৰ বাহিৰে একো নহয়। মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। এই চাৰ্জশ্বীটত সাগৰ আৰু জুইক মূল তদন্তৰ কেন্দ্ৰ হিচাপে লোৱা হৈছে বুলি অনুমান কৰা হৈছে। লগতে এই চাৰ্জশ্বীটত জুবিন গাৰ্গৰ মৃত্যুক হত্যাকাণ্ড বুলি কৈ বহু অৰ্থনৈতিক কেলেংকাৰী কাহিনী প্ৰকাশ কৰা হব। জুবিন গাৰ্গক অপযশ দিবলৈ পাৰিবাৰিক কথা কিছুমান আনিব বুলিও কয় অখিল গগৈয়ে। 

মুখ্যমন্ত্ৰীয়ে এইবাৰ নিৰ্বাচন "গাদী দখলৰ যুঁজ নহয়, অচিনাকী লোকৰ বিৰুদ্ধে হ'ব যুঁজ"  বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ অখিল গগৈৰ। তেওঁৰ মতে মুখ্যমন্ত্ৰীয়ে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ অস্তিত্ব ৰক্ষাৰ যুঁজত নামিছে। অসমত এইবাৰ বিজেপি আৰু হিমন্ত চৰকাৰৰ সান্দহ খোৱা বালি তল যাব। ৰাজনৈতিক উদ্দেশ্যেপ্ৰণোদিত মন্তব্য বুলি সমালোচনা কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে।

অখিল গগৈ