/asomiyapratidin/media/media_files/2026/02/09/whatsapp-image-2026-02-09-23-18-07.jpeg)
ডিজিটেল সংবাদ, লখিমপুৰঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ মিছা আৰু ই এক কল্পকাহিনীহে। এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত আজি বিয়লি অনুষ্ঠিত এক সংবাদমেলত অখিল গগৈয়ে লগতে কয় যে, গৌৰৱ গগৈয়ে আয়োজন কৰা সংবাদমেলেই মুখ্যমন্ত্ৰীৰ অভিযোগৰ অসাৰতা প্ৰমাণ কৰিছে।
এই সংবাদমেলত অখিল গগৈয়ে উল্লেখ কৰে যে, “মুখ্যমন্ত্ৰীয়ে যি ধৰণে কৈছে যে গৌৰৱ গগৈয়ে আই এছ আইৰ প্ৰশিক্ষণ লৈছিল, তেন্তে সেই সময়তে গৃহ বিভাগ আৰু চোৰাংচোৱা সংস্থাই ব্যৱস্থা ল’ব লাগিছিল। ১০ ছেপ্টেম্বৰত পাকিস্তান লিংকৰ ‘বিস্ফোৰণ’ ঘটাম বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল, কিন্তু একো নঘটিল।” মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ বাবেই বিষয়টো পিছুৱাই দিয়া বুলি কোৱা মন্তব্যও বিভ্ৰান্তিকৰ বুলি মন্তব্য কৰে অখিল গগৈয়ে। তেওঁ কয়, “১৯ ছেপ্টেম্বৰতহে জুবিন গাৰ্গৰ মৃত্যু হৈছিল। তাৰ ৯ দিন আগতেই কিয় গৌৰব গগৈক গ্ৰেপ্তাৰ নকৰিলে?” বুলিও তেওঁ লগতে প্ৰশ্ন উত্থাপন কৰে।
ইফালে, মুখ্যমন্ত্ৰীয়ে কেৱল ‘পাকিস্তানী-পাকিস্তানী’ বুলি চিঞৰি থাকি ৰাজনৈতিক নাটক মঞ্চস্থ কৰিছে বুলি অভিযোগ উত্থাপন কৰি অখিল গগৈয়ে কয় যে, গৌৰৱ গগৈক গ্ৰেপ্তাৰ নকৰা বাবেই মুখ্যমন্ত্ৰীয়েই দায়ী। গৌৰৱৰ পাকিস্তান লিংক এটা নাটকীয় ঘটনাহে, ইয়াত কোনো সত্য নাই বুলি দাবী কৰে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে।
আনহাতে, অখিল গগৈৰ মতে বাংলাদেশ, পাকিস্তান, মিঞা আদি শব্দ ব্যৱহাৰ কৰি অসমত বিভাজনমূলক ৰাজনীতি চলোৱা হৈছে আৰু ই মুখ্যমন্ত্ৰীৰ মুছলমান-বিৰোধী ৰাজনীতিৰ অংশ। তেওঁ অভিযোগ কৰি কয় যে, কালি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে মুখ্যমন্ত্ৰীৰ সংবাদমেল গুৰুত্বসহ প্ৰকাশ নকৰিলে। বহু খৰছ কৰিও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সমৰ্থন নোপোৱা বুলি মন্তব্য কৰে অখিল গগৈয়ে।
এই সংবাদমেলত অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ ভূমি সম্পত্তি সম্পৰ্কতো গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, মুখ্যমন্ত্ৰীয়ে নিজেই ১২ হাজাৰ বিঘা মাটি থকা বুলি স্বীকাৰ কৰিলে, যি এক ভয়ংকৰ বিষয়। গৌৰৱ গগৈক বদনাম কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়েই বিপদত পৰিছে বুলিও তেওঁ লগতে মন্তব্য কৰে।
একেদৰে, বিজেপিৰ বিদেশী বহিষ্কাৰ নীতিক লৈও প্ৰশ্ন উত্থাপন কৰি অখিল গগৈয়ে কয় যে, বিজেপিৰ দহ বছৰৰ কাৰ্যকালতকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সময়ছোৱাত বেছি বিদেশী বহিষ্কাৰ হৈছিল। চৰকাৰে দহ বছৰত মাত্ৰ ১৬৭৬ জন বিদেশীকহে বহিষ্কাৰ কৰিছে বুলি তেওঁ দাবী কৰে।
এই সংবাদমেলতে শিক্ষা ব্যৱস্থা, শিল্প আৰু অৰ্থনৈতিক ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ কৰি অখিল গগৈয়ে কয় যে, অসমত বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দেশৰ ভিতৰতে সৰ্বাধিক। শুৱালকুছিৰ পৰম্পৰাগত শিল্প ধ্বংস কৰি ব্যক্তিগত বেপাৰত গুৰুত্ব দিয়া হৈছে বুলিও তেওঁ অভিযোগ কৰে। সংবাদমেলৰ শেষত অখিল গগৈয়ে কয়, “গৌৰব গগৈৰ পাকিস্তান লিংক এটা খালী টেকেলি। এয়া এক ৰাজনৈতিক নাটক। অসমৰ ৰাইজে এই ষড়যন্ত্ৰ বুজি পাব লাগিব।”
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us