অখিল গগৈক লৈ সামাজিক মাধ্যমত মানস ৰবীনৰ বিশেষ পোষ্ট...

অখিল গগৈক লৈ সামাজিক মাধ্যমত বিস্ফোৰক মন্তব্য আগবঢ়ালে মানস ৰবীনে। ফেচবুক পোষ্টৰ জৰিয়তে তেওঁ অখিল গগৈৰ ভূমিকা আৰু দায়িত্ববোধ সন্দৰ্ভত আওপকীয়াকৈ তীক্ষ্ণ সমালোচনা কৰা দেখিবলৈ পোৱা যায়।

author-image
Asomiya Pratidin
New Update
ujjdjdd

ডিজিটেল ডেস্কঃ অখিল গগৈক লৈ সামাজিক মাধ্যমত বিস্ফোৰক মন্তব্য আগবঢ়ালে মানস ৰবীনে। ফেচবুক পোষ্টৰ জৰিয়তে তেওঁ অখিল গগৈৰ ভূমিকা আৰু দায়িত্ববোধ সন্দৰ্ভত আওপকীয়াকৈ তীক্ষ্ণ সমালোচনা কৰা দেখিবলৈ পোৱা যায়। উল্লেখ্য যে, অখিল গগৈৰ সহযোগী তথা ভূমি অধিকাৰৰ আন্দোলনৰ সময়ত ছহিদ বৰণ কৰা প্ৰণৱ বড়োৰ আজি ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী।

ভূমি পট্টাৰ আন্দোলনৰ দাবীত সংগ্ৰাম কৰি প্ৰণৱ বড়োৱে গাত জুই জ্বলাই আত্মাহুতি দিছিল। তেওঁৰ সেই চৰম ত্যাগ ৰাজ্যজুৰি অধিকাৰৰ বাবে সংগ্ৰাম কৰা লোকসকলৰ মাজত আজিও গভীৰ সন্মানৰ সৈতে স্মৰণ কৰা হয়। এই গুৰুত্বপূৰ্ণ দিনটোতেই অখিল গগৈ গীত আৰু নৃত্যৰ যুগলবন্দীত ব্যস্ত থকা বুলি উল্লেখ কৰি সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মানস ৰবীনে।

নিজৰ ফেচবুক পোষ্টত তেওঁ লিখিছে এনেদৰে-  “আজি একেদিনাই দুটা অনুষ্ঠান : ১) ভূমি পট্টাৰ আন্দোলন কৰি গাত জুই জ্বলাই ছহিদ বৰণ কৰা অখিল গগৈৰ সহযোগী প্ৰণৱ বড়োৰ মৃত্যু দিৱস। ২) আনটো অখিল গগৈৰ ব্যস্ত গীত আৰু নৃত্যৰ যুগলবন্দী। দুয়োটা অনুষ্ঠান ফেচবুকতে আহি আছে। মাত্ৰ মইহে সিদ্ধান্ত ল’ব পৰা নাই। কোনটো চাওঁ, কোনটো নাচাওঁ।”

এই মন্তব্যক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ হৈছে। একাংশ লোকে মানস ৰবীনৰ বক্তব্যক সমৰ্থন কৰি ৰাজনৈতিক সংগ্ৰামৰ ইতিহাস আৰু সহযোদ্ধাৰ ত্যাগক সদায় সন্মান জনোৱা উচিত বুলিও মন্তব্য কৰিছে। 

অখিল গগৈ মানস ৰবীন