/asomiyapratidin/media/media_files/2025/12/13/alhdhjd-2025-12-13-14-20-31.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৰ যি তদন্ত কৰা হ'ল ই বিশ্বৰ একমাত্ৰ এনে এটা ঘটনা যিটো ঘটনাৰ তদন্ত কৰা তদন্তকাৰী দলে ঘটনাস্থলীলৈ নগৈ আদালতত চার্জশ্বীট দাখিল কৰিলে বুলি ক্ষোভ উজাৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ।
আজি এই সন্দৰ্ভত অখিল গগৈয়ে কয় যে চৰকাৰ বা তদন্তকাৰী সংস্থাই জুবিন গাৰ্গৰ হত্যাকাৰী সকলক ফাঁচী দিবৰ বাবে অথবা যাৱজ্জীৱন কাৰাদণ্ড দিবলৈ এই চার্জশ্বীট আদালতত দাখিল কৰা নাই, বৰঞ্চ জুবিন গাৰ্গৰ হত্যাকাৰীক বচাবৰ বাবেহে আজি এনেদৰে আদালতত চার্জশীট দাখিল কৰা হ'ল।
অসম চৰকাৰৰ তৰফৰ পৰা কালি আদালতত বহু চৰ্চিত জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি যিখন চার্জশ্বীট দাখিল কৰা হ'ল এই চার্জশ্বীটকলৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰি সভাপতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে - অসম চৰকাৰে আদালতত যিখন চার্জশ্বীট দাখিল কৰা হৈছে ইয়াক মই জুবিন গাৰ্গৰ মৃত্যুৰ চার্জশ্বীট বুলি গণ্য কৰা নাই।
এই চার্জশ্বীটখন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ২০২৬ চনৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ নিৰ্বাচনী কেৱল ইস্তাহাৰহে ।ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ স্পষ্ট কথা আজিলৈকে পৃথিৱীত যিমান বিলাক চার্জশ্বীট আদালতত দাখিল হৈছে ইয়াৰ ভিতৰত এইখনেই প্রথমখন চার্জশ্বীট, যিখন চার্জশ্বীট তদন্তকাৰী বিষয়াই ঘটনাস্থলীত উপস্থিত নোহোৱাকৈ আৰু ঘটনাস্থলীত তদন্ত নকৰাকৈ প্ৰস্তুত কৰি আদালতত দাখিল কৰিছে।
তদন্তকাৰী সংস্থাটোৱে যি তিনি হেজাৰ পাঁচশ তথ্য সম্বলিত আৰু সাত হেজাৰ পৃষ্ঠাৰ তদন্তৰ প্ৰতিবেদন আদালতত দাখিল কৰা হৈছে বুলি বিভাগীয় ভাৱে যি দৰে উল্লেখ কৰা হৈছে এই বিলাক কোনো ধৰণৰ তথ্য নহয়। পোনপটীয়া আৰু স্পষ্ট কথা যে ঘটনাস্থলীলৈ নোযোৱাকৈ তদন্তকাৰী সংস্থাই প্ৰস্তুত কৰা চাৰ্জশ্বীটে কোনো লোককে কেতিয়াও ন্যায় দিব নোৱাৰে।
অখিল গগৈয়ে কয় যে জুবিন গাৰ্গৰ মৃত্যৰ ঘটনা সংঘটিত হৈছিল ছিংগাপুৰত । কিন্তু তদন্তাকাৰী সংস্থাই তদন্ত কৰিছে অসমৰ দিছপুৰ গুৱাহাটীত। দুর্ভাগ্যজনক ভাৱে জুবিন গাৰ্গে যিখন সাগৰৰ পানীত পৰি মৃত্যু হ'ল, সেই সাগৰৰ পানীখিনিও চাবলৈ যোৱা নাই তদন্তকাৰী সংস্থাৰ বিষয়াই। ইয়াৰ পিছতো যদি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় এইখন এখন সাংঘাটিক চার্জশ্বীট দাখিল কৰিছো বুলি, তেতিয়াহলে এই চার্জশ্বীটখনক মই এক চেকেণ্ডত ডাষ্টবিনলৈ দলিয়াই দিম বুলি তীব্ৰ ভাষাৰে মুখ্যমন্ত্ৰী গৰাকীক অখিল গগৈয়ে কটাক্ষ কৰে।
তেওঁ কয় যে চৰকাৰে ম'টিভৰ ওপৰত চার্জশ্বীট দাখিল কৰিছে। তেওঁলোকে প্রথমেই নিজেই সিদ্ধান্ত কৰি লৈছিল যে আদালতত জুবিন গাৰ্গৰ হত্য হৈছিল বুলি চার্জশ্বীট দাখিল কৰা হ'ব। সেইমতেই চার্জশীট দাখিল কৰা হৈছে। কিন্তু কিয় জুবিন গাৰ্গক হত্যা কৰা হ'ল ইয়াৰ উত্তৰ হিচাপে তদন্তকাৰী সংস্থাই ধনৰ লেনদেনৰ বাবে এই হত্যাকাণ্ড হৈছিল বুলি উল্লেখ কৰিছে।
ইয়াৰ বাবে তেনে ধৰণৰ তথ্য প্ৰস্তুত কৰি সম্ভৱতঃ আদালতত চার্জশ্বীটৰ সৈতে দাখিল কৰা হৈছে। চৰকাৰ তথা তদন্তকাৰী সংস্থাৰ এই কাৰ্যত ইয়াত আমাৰ কোনো আপত্তি নাই । হত্যাৰ উদ্দেশ্যৰ ওপৰত তদন্তকাৰী সংস্থাই যি চার্জশীট দাখিল কৰিছে সেইয়া কৰক। কিন্তু জুবিন গাৰ্গৰ হত্যা কেনেকৈ সংঘটিত হ'ল, কোনে কেনেকৈ কি পৰিস্থিতিত জুবিন গাৰ্গক হত্যা কৰিলে ইয়াৰ ওপৰত যদি তদন্তকাৰী বিষয়াৰ বক্তব্য আৰু যুগুত কৰা তথ্য বাহিৰে আন একো নহয়।
গতিকে ক'ব পৰা যায় যে অসমৰ চি আই ডি বা এছ আই টিয়ে যোৱা ৮৪ টা দিনে কেৱল শূণ্যত গদা ঘুৰাই থাকিলে । তদন্তকাৰী সংস্থাটোৱে এবাৰৰ বাবেও ঘটনা সংঘটিত হোৱা স্থানলৈ গৈ তদন্ত নকৰিলে বুলি বিধায়ক গগৈয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতবৰ্ষৰ বি এন এছ - ২০২৩ এ ১১২ নং ধাৰাত স্পষ্টকৈ উল্লেখ আছে যে বিদেশত ঘটনা ঘটিলে নিশ্চিত ভাৱে আদালতৰ নীতি নিৰ্দেশনা অনুসৰি কৰ্ট লেটাৰ ৰেগুলেটৰী প্ৰেৰণ কৰিহে তদন্ত কৰিব পৰাৰ লগতে তথ্য আনিব পৰা যায় ৷
কিন্তু সেইয়া কৰা নহল । ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ছিংগাপুৰ চৰকাৰে ইতিমধ্যে উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ মৃত্যু হত্যাকাণ্ড নহয় ৷ অস্বভাৱিক মৃত্যু নহয়। তেওঁৰ মৃত্যু স্বভাৱিক আছিল। কিন্তু দুর্ভাগ্যজনক ভাৱে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে ছিংগাপুৰ চৰকাৰৰ সেই বিলাক তথ্যকে আনি জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি আমি আদালতত প্ৰমাণ কৰি দিম । ইয়াতকৈ আৰু আভুৱাভৰা ঘটনা আছে নেকি বুলি অখিল গগৈয়ে প্ৰশ্ন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us