ৰাইজৰ দলৰ সভাপতি হওঁকঃ ভূপেন বৰালৈ অখিল গগৈৰ অফাৰ...

হাইকামাণ্ডলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পাছতে ভূপেন বৰাৰ ঘোৰামৰাস্থিত বাসগৃহলৈ সোঁত হৈছে বিৰোধী শিবিৰৰ সকলো নেতাৰ।  ভূপেন বৰাৰ বুজনি দিবলৈ অখিল গগৈও উপস্থিত হৈছে বৰাৰ বাসগৃহত। সাংবাদিকৰ

author-image
Asomiya Pratidin
New Update
adadadadda

ডিজিটেল ডেস্কঃ  হাইকামাণ্ডলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পাছতে ভূপেন বৰাৰ ঘোৰামৰাস্থিত বাসগৃহলৈ সোঁত হৈছে বিৰোধী শিবিৰৰ সকলো নেতাৰ।  ভূপেন বৰাৰ বুজনি দিবলৈ অখিল গগৈও উপস্থিত হৈছে বৰাৰ বাসগৃহত। সাংবাদিকৰ সন্মুখত অখিল গগৈয়ে কয় যে, ভূপেন দা যাব বিচাৰিলেই আমি যাব নিদো। তেওঁক আমি কংগ্ৰেছ দলতে থাকিবলৈ অনুৰোধ কৰিছো। 

সাংবাদিকৰ সন্মুখতে বৰাৰ বাবে এক ডাঙৰ অফাৰো দিলে অখিল গগৈয়ে। যদিহে কংগ্ৰেছত নাথাকে, তেন্তে ভূপেন বৰাক ৰাইজৰ দলত যোগদান কৰি সভাপতিৰ দায়িত্ব ল'বলৈ আহ্বান জনালে গগৈয়ে। তেওঁ কয় যে, দৰকাৰ হ'ল তেওঁ ৰাইজৰ দলৰ সভাপতিৰ দায়িত্ব লওঁক। আমি তেওঁক কান্ধত উঠাই ঘূৰাই লৈ ফুৰিম।

উল্লেখ কৰা প্ৰয়োজন যে, ভূপেন বৰাৰ ঘৰত ইতিমধ্যে উপস্থিত হৈছে জিতেন্দ্ৰ সিঙৰ লগতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইগৰাকী নেতা। সকলোৱে বৰাক বুজনি দিবলৈ অপ্ৰাণ চেষ্টা চলাইছে। 

ভূপেন বৰা অখিল গগৈ