/asomiyapratidin/media/media_files/2025/12/13/new-ap-web-4-23-2025-12-13-18-40-46.jpg)
ডিজিটেল ডেস্কঃ শুক্ৰবাৰৰ দিনটোত শিৱগাৰৰ বিধায়ক অখিল গগৈৱে জুবিন গাৰ্গৰ চাৰ্জশ্বীটক লৈ মন্তব্য কৰাৰ পাছত আজিৰ দিনটোত পুনৰ জুবিন গাৰ্গ ছাৰ্জশ্বীটক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে। অখিল গগৈয়ে মন্তব্য কৰি কয় - যিখন চাৰ্জশ্বীট বনোৱা হ'ল সেই চাৰ্জশ্বীটখন জুবিনৰ ন্যায়ৰ বাবে বনোৱা চাৰ্জশ্বীট নহয় । এখন মেকিং নাটক সৃষ্টি কৰি চৰকাৰে নিজক বচোৱাৰ সমান্তৰালকৈ ২০২৬ চনৰ নিৰ্বাচনৰ খাতিৰত নিৰ্মাণ কৰা এখন চাৰ্জশ্বীটহে মাত্ৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/bbf70114-8b70-4c87-989a-867b108be74a-2025-12-13-18-37-42.jpeg)
সামাজিক মাধ্যমত অখিল গগৈৱে জুবিনৰ গাৰ্গৰ চাৰ্জশ্বীট সন্দৰ্ভত মন্তব্য কৰি কয় যে- ঘটনাস্থলীলৈ গৈ অভিযুক্তক লগত লৈ ঘটনাৰ শ্বিন ৰিক্ৰিয়েট নকৰাকৈ, স্কেচ মেপ নবনোৱাকৈ হত্যাকাণ্ডৰ চাৰ্জশ্বীট নহয়। এইখন চাৰ্জশ্বীটৰ জড়িয়তে জুবিন গাৰ্গক ন্যায় দিয়া সম্ভৱপৰ নহয়। ই এক অসম্ভৱ কথা। অসমৰ মুখ্যমন্ত্ৰীয়ে কথা সলাইছে। শুক্ৰবাৰৰ দিনটোত কেনেদৰে কথা সলাইছে সেয়া সকলোৱে দেখিছে। লগতে অখিল গগৈৱে কয় যে - বিদেশত ঘটনা সংঘটিত হ'লে সেই ঘটনাৰ ওপৰত তদন্ত কৰিবলৈ প্ৰথমে কেন্দ্ৰীয় চৰকাৰৰ অমুমোদন ল'ব লাগিব। চাৰ্জশ্বীট দিবৰ কাৰণেই আগতীয়াকৈ অনুমোদন ল'ব লাগিব কেন্দ্ৰীয় চৰকাৰৰ পৰা। সেয়া BNSS ২০২৩ ৰ ২০৮ নং ধাৰাৰ অধীনত পৰে। আনপিনে বিদেশৰ ঘটনা BNSS,2023 ৰ ১১২ নং ধাৰাৰ অধীনত ক’ৰ্টৰ জৰিয়তে তথ্য আনিব লাগিব। তথ্য-প্ৰমাণ নানিলে সেয়া আদালতত গ্ৰহণযোগ্য নহ’ব। তাৰোপৰি,উদ্যোক্তা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ নকৰাকৈ জুবিন গাৰ্গৰ গোচৰৰ তদন্ত অসম্ভৱ। মুঠৰ ওপৰত কেইবাটাও মন্তব্য আগবঢ়াই অখিল গগৈৱে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us