হিমন্ত বিশ্ব শৰ্মাৰ মাথাৰ নট ঢিলা হৈছেঃ অখিল গগৈৰ গৰ্জন...

হিমন্ত বিশ্ব শৰ্মাৰ মাথাৰ নট ঢিলা হৈছে। এনেকুৱা ক্লাছ নোহোৱা মুখ্যমন্ত্ৰী মই দেখা নাই। -  শুকুৰবাৰে নিশা ফেচবুক লাইভত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এনেকৈয়ে থকা-সৰকা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত

author-image
Asomiya Pratidin
New Update
jjjjdd

ডিজিটেল ডেস্কঃ হিমন্ত বিশ্ব শৰ্মাৰ মাথাৰ নট ঢিলা হৈছে। এনেকুৱা ক্লাছ নোহোৱা মুখ্যমন্ত্ৰী মই দেখা নাই। -  শুকুৰবাৰে নিশা ফেচবুক লাইভত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এনেকৈয়ে থকা-সৰকা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মাৰ কিছু মন্তব্যৰ বিৰোধিতা কৰি অখিল গগৈয়ে কটু সমালোচনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।

প্ৰায় ৪৩মিনিটৰ এই ফেচবুক লাইভত অখিল গগৈয়ে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দি কয় যে, যিদিনা ৰাইজৰ দল বা অখিল গগৈ শাসনলৈ আহিব, সেইদিনাই এটা এটাকৈ বিদেশীক অসমৰ পৰা খেদা হব। ইয়াৰ বিপৰীতে অসমীয়াসকলক একোখনকৈ পৰিচয় পত্ৰ প্ৰদান কৰা হ'ব বুলিও কয় গগৈয়ে।

হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰা সাম্প্ৰদায়িত মন্তব্যৰ জৰিয়তে ঘৃণা, বিদ্বেষ বা ভেদাভেদৰ সৃষ্টি কৰা বুলি কয় অখিল গগৈয়ে।বিজেপি চৰকাৰৰ বিগত ১০বছৰত মাত্ৰ ১৬৭৬গৰাকী বিদেশীক খেদিব পাৰিছে বুলি তথ্য দিয়ে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। 

অখিল গগৈয়ে লগতে কয় যে, আমাৰ চৰকাৰ আহিলে অসমৰ পৰা ১৬লাখ বিদেশীক খেদিম।  এন আৰ চিত যিহেতু  ১৯লাখ বিদেশী আছে বুলি কৈছে। কিন্তু আপুনি সেই এন আৰ চি খন দলিয়াই পেলাই দিছে।  কাৰণ ইয়াৰ মতে কাম কৰিলে হিন্দু-বাংলাদেশী কেইটাকো খেদাব লাগিব।

বিদেশী খেদাৰ নামত অসমবাসীক টুপি পিন্ধাইছে বুলিও কয় অখিল গগৈয়ে। এনেদৰেই বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিব প্ৰায় ৪৩মিনিট সময় ফেচবুক লাইভত গৰজি উঠে ৰাইজৰ দলৰ সভাপতিগৰাকী। 

অখিল গগৈ অখিল গগৈ...