গৌৰৱ গগৈলৈ লিখা চিঠিৰ উত্তৰ নাপালে অখিল গগৈয়ে

বৈঠকৰ অন্তত দলটোৰ সভাপতি অখিল গগৈয়ে সংবাদমাধ্যমৰ আগত মিত্ৰতা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

author-image
Asomiya Pratidin
New Update
new ap web7.jpg

ডিজিটেল ডেস্কঃ কিছু সময় পূৰ্বে সমাপ্ত হয় ৰাইজৰ দলৰ জৰুৰী কাৰ্যনিৰ্বাহক বৈঠক। এই বৈঠকৰ অন্তত দলটোৰ সভাপতি অখিল গগৈয়ে সংবাদমাধ্যমৰ আগত মিত্ৰতা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অখিল গগৈয়ে স্পষ্টকৈ কয় যে, নিৰ্বাচনৰ বাবে ৰাইজৰ দলে ১৫খন আসন বিচাৰিছে। এই ১৫খন আসন দলটোৰ পচন্দৰ হ’ব লাগিব। যদি সকলো আসন পচন্দমতে নাপায়, তেন্তে কমেও ১২খন আসন পচন্দমতে এৰি দিব লাগিব বুলি তেওঁ মন্তব্য কৰে। কংগ্ৰেছৰ সৈতে বুজাবুজি নহ’লে চূড়ান্ত সিদ্ধান্ত ল’ব বুলিও অখিল গগৈয়ে জানিবলৈ দিয়ে।

অখিল গগৈয়ে লগতে কয়, “কংগ্ৰেছ ডাঙৰ দল বাবেই আমি ১০০খন আসন এৰি দি ১৫খন আসনতে ৰৈছো। এতিয়াও আশা কৰোঁ কংগ্ৰেছে সন্মান সহকাৰে ১৫খন আসন এৰি দিব।” দুই-তিনি দিনৰ ভিতৰত আসন বুজাবুজি সম্পন্ন কৰিবলৈ তেওঁ আহ্বান জনায়। লগতে, কংগ্ৰেছ নেতা জীতেন্দ্ৰৰ সিং আৰু গৌৰৱ গগৈলৈ লিখা চিঠিৰ উত্তৰ এতিয়ালৈ পোৱা নাই বুলিও উল্লেখ কৰে।

উল্লেখ্য যে, আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি বিৰোধী শিবিৰত আসনৰ ভাগ-বতৰোৱা সন্দৰ্ভত তৎপৰতা আৰু সংঘাত বৃদ্ধি পোৱা দেখা গৈছে।

অখিল গগৈ