যদি বিদেশী খেদাবই নোৱাৰে, তেন্তে তেওঁ কিহৰ মুখ্যমন্ত্ৰীঃ অখিল গগৈ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই “মিঞাক কষ্ট দিব লাগে” বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে।

author-image
Asomiya Pratidin
New Update
fedksfhsjdhksjdks

ডিজিটেল সংবাদ, কাজিৰঙাঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই “মিঞাক কষ্ট দিব লাগে” বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। মিঞাক কষ্ট দিবলৈ পৃথিৱীৰ ক’ৰবাত কাৰোবাক মুখ্যমন্ত্ৰী বনোৱা হয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰি অকিল গগৈয়ে কয় যে, অসমৰ মানুহে হিমন্ত বিশ্ব শর্মাক বিদেশী খেদিবৰ বাবে মুখ্যমন্ত্ৰী বনাইছিল, কিন্তু এতিয়া তেওঁ মিঞাক কষ্ট দিবলৈ কৈ অসমীয়া জাতিক ঠগ-প্ৰবঞ্চনাকাৰী হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে।

অখিল গগৈয়ে লগতে, যদি মুখ্যমন্ত্ৰীয়ে বিদেশী খেদাবই নোৱাৰে, তেন্তে তেওঁ কিহৰ মুখ্যমন্ত্ৰী বুলি প্ৰশ্ন উত্থাপন কৰে। শিৱসাগৰৰ বিধায়ক গৰাকীয়ে দাবী কৰে যে অসমৰ ইতিহাসত সৰ্বনিম্ন বিদেশী খেদা মুখ্যমন্ত্ৰীজনাই হৈছে হিমন্ত বিশ্ব শর্মা।

মুখ্যমন্ত্ৰীৰ “মিঞাক সকলোৱে কষ্ট দিব লাগে” বুলি কৰা মন্তব্যৰ সন্দৰ্ভত অখিল গগৈয়ে কয় যে মিঞাৰ ৰিক্সাত উঠি ৫ টকাৰ ভাড়াত ৪ টকা দিয়াটো কষ্ট কৰি খোৱা মানুহৰ চৰিত্ৰ নহয়। ৫ টকাৰ ভাড়াত ৪ টকা দিয়াটো ভাল মানুহৰ লক্ষণ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে হিন্দু ধৰ্মই সদায়ে কৰ্মক সন্মান জনাবলৈ শিক্ষা দিয়ে। উগ্ৰ ৰাজনৈতিক সাম্প্ৰদায়িক হিন্দুৱেই এনে বিভেদকামী আৰু ঘৃণাসূচক মন্তব্য আগবঢ়ায়। অসমীয়া জাতি ঠগি খোৱা জাতি নহয়, ৫ টকা ভাড়া হ’লে ৫ টকাই দিয়া জাতি বুলি মন্তব্য কৰে অখিল গগৈয়ে।

মুখ্যমন্ত্ৰীক সমালোচনা তেওঁ লগতে কয় যে হিমন্ত বিশ্ব শর্মা খাটি খোৱা মিঞাৰ ওপৰত ৰজা, কিন্তু বদৰুদ্দিন আজমল তেওঁৰ ভাল বন্ধু। যোৱা নিৰ্বাচনত আজমল, আজমল বুলি শাসন ল’লে, এইবাৰ মিঞা, মিঞা কৰি শাসন ল’ব বিচাৰিছে বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে।

ইফালে বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতা সন্দৰ্ভত অখিল গগৈয়ে কয় যে, যদি ৩১ জানুৱাৰীৰ ভিতৰত মিত্ৰতাৰ চূড়ান্ত সিদ্ধান্ত নহয়, তেন্তে ৰাইজৰ দলে নিজ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব। তেওঁ লগতে জনায় যে, ইতিমধ্যে চিপিআইএম, চিপিআইএম-এল আৰু জাতীয় পৰিষদেও প্ৰাৰ্থীত্ব বিচাৰিছে যদিও এতিয়ালৈ কংগ্ৰেছৰ পৰা কোনো দলেই স্পষ্ট সঁহাৰি পোৱা নাই। সেয়েহে বিৰোধী ঐক্যমঞ্চৰ আসন বুজাবুজি বৰ বেছি আগবঢ়া নাই বুলি মন্তব্য কৰে। আনহাতে, ৰাইজৰ দলৰ প্ৰাৰ্থীৰ তালিকা কংগ্ৰেছক আগতেই দিয়া হৈছে যদিও কংগ্ৰেছে বিষয়টোক গুৰুত্ব নিদিয়াত আন দলসমূহ অসুবিধাত পৰিছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে।

একেদৰে, মুখ্যমন্ত্ৰীয়ে অখিল গগৈয়ে নিজৰ সমষ্টিতকৈ ধুবুৰী আৰু গোৱালপাৰাৰ কথা বেছি চিন্তা কৰে বুলি কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে, চৰকাৰৰ বহু বৃহৎ সফল প্ৰকল্প শিৱসাগৰতেই হৈছে। ৰংঘৰ প্ৰকল্পৰ ক্ৰেডিট তেওঁৰ বুলি দাবী কৰি কয় যে, ১৪২ কোটি টকাৰ এই প্ৰকল্পৰ বাবে তেওঁ মুখ্যমন্ত্ৰীক বাধ্য কৰাইছিল। লগতে শিৱসাগৰত একাধিক বৃহৎ প্ৰকল্প হোৱাক লৈও মুখ্যমন্ত্ৰীৰ মন্তব্যৰ সমালোচনা কৰে।

সমান্তৰালভাৱে, মুখ্যমন্ত্ৰীয়ে বিজেপি মিত্ৰজোঁটে ৯৪ খন আসন লাভ কৰিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত অখিল গগৈয়ে প্ৰশ্ন কৰে—যদি ইমান আসনেই পাব, তেন্তে মিঞাক লৈ ৰাজনীতি কিয়? বিগত পাঁচ বছৰত মুখ্যমন্ত্ৰীয়ে বিশেষ একো কাম নকৰাৰ বাবেই আগন্তুক নিৰ্বাচনত মিঞাক মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰে। মুখ্যমন্ত্ৰীৰ সফলতা কেৱল কেইখনমান অভাৰব্ৰীজ আৰু কেইটামান মথাউৰি লৈ সীমাবদ্ধ বুলি কটাক্ষ কৰে অখিল গগৈয়ে।

অখিল গগৈ