বগা চাৰ্ট, ক’লা পেণ্ট পিন্ধা সকলো নেতা নিৰাপদ, আমিহে অপৰাধীঃ কাক উদ্দেশ্যি কিয় এই পোষ্ট অখিল গগৈৰ...

কা আন্দোলনক লৈ পুনৰ তীব্ৰ ক্ষোভ ব্যক্ত কৰিলে অখিল গগৈয়ে। ‘কা’বিৰোধী আন্দোলনৰ ৫ টা গোচৰত ডিব্ৰুগড় আদালতত উপস্থিত হোৱাৰ পাছতে শিৱসাগৰৰ বিধায়কগৰাকী ক্ষোভ ভৰা এটা লেখা লিখিলে সামাজিক

New Update
ujjj

ডিজিটেল ডেস্কঃ কা আন্দোলনক লৈ পুনৰ তীব্ৰ ক্ষোভ ব্যক্ত কৰিলে অখিল গগৈয়ে। ‘কা’বিৰোধী আন্দোলনৰ ৫ টা গোচৰত ডিব্ৰুগড় আদালতত উপস্থিত হোৱাৰ পাছতে শিৱসাগৰৰ বিধায়কগৰাকী ক্ষোভ ভৰা এটা লেখা লিখিলে সামাজিক মাধ্যমত। কা আন্দোলনৰ কৰা আন সকলো নেতা বাচি যোৱাৰ পৰিৱৰ্তে তেওলোকৰ দল তথা সংগঠনৰ লোকসকলেহে এতিয়া হাৰাশাস্তি ভোগ কৰিব লগা হৈছে বুলি ক্ষোভ উজাৰে গগৈয়ে।

গগৈয়ে লিখিছে-  ক’ৰ্টৰ জ্বালাত মোৰ বিলাপ...

Advertisment
‘কা’বিৰোধী আন্দোলন বহুত নেতা-নেত্ৰী, দল-সংগঠনে কৰিলে। মৰণ মিলিল কেৱল আমাৰ! মূলতঃ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলেই ফচিল!! বেছিভাগ নেতা আৰু সংগঠনেই ধোৱা তুলসীৰ পাত!!! আমিহে গভাইত অপৰাধী!
‘কা’বিৰোধী আন্দোলনত মোৰ ওপৰত কিমানখন থানাত কিমানটা গোচৰ তৰিছিল হিচাপ নাই, ডিব্ৰুগড়ত মুঠ ৮টা। ‘কেব’ হৈ থাকোতে এই ডিব্ৰুগড়তে মোক NSA লগাই ৬ মাহ জে’লত ৰাখিছিল। NIA লগাইও ডিব্ৰুগড় জে’লত ৰাখিছিল বেছ কিছু মাহ। আজি ৪ টা গোচৰ উঠিছিল; এটাত মোৰ ওপৰত, লগতে আন ১০ জন ‘সাধাৰণ মানুহ’ৰ ওপৰত চেছন ক’ৰ্টত চাৰ্জ ফ্ৰেম হ’ল অৰ্থাৎ আমাৰ ওপৰত অভিযোগৰ বিচাৰ হ’ব, আন এটা চিজেএম ক’ৰ্টৰ পৰা কমীট কৰি চেছন ক’ৰ্টলৈ বিচাৰৰ বাবে পঠিয়াই দিছে। আজি থকা আন দুটা গোচৰ অমীমাংসিত হৈ ৰ’ল।
বগা চাৰ্ট, ক’লা পেণ্ট পিন্ধা আৰু ডাঙৰ ডাঙৰ সংগ্ৰামী নীতি বচন আওৰোৱা সকলো নেতা নিৰাপদ, ক’তো এক টোপাল ক’লা দাগ নাই, আমিহে ‘অপৰাধী/ অভিযুক্ত’( নে ‘সন্দেহযুক্ত’?) হৈ ৰ’লোঁ। সেইসকল ‘সংগ্ৰামী’, ‘বিপ্লৱী’ৰ মুখতে কেতিয়াবা কেতিয়াবা শুনো বোলে আমাৰ দেশপ্ৰেম ভুৱা! তেওঁলোকহে খাটি আন্দোলনকাৰী!! আমি বোলে চৰকাৰৰ লগত আপোচ কৰো, তেওঁলোক আপোচবিহীন! হায়ৰে কপাল...
গগৈৰ এই ফেচবুক পোষ্টে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে। অখিল গগৈয়ে কাক উদ্দেশ্যি এনে পোষ্ট দিলে তাক লৈ প্ৰশ্ন কৰিছে নেটিজেনসকলে। 
অখিল গগৈ