/asomiyapratidin/media/media_files/2025/09/09/new-ap-web-5-2025-09-09-22-55-43.jpg)
ডিজিটেল ডেস্কঃ ''কালিলৈ গৌৰৱ গগৈ জে'ললৈ যাব নতুবা মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব''- আজি এই মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা কেইবামাহ ধৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কক লৈ নানান মন্তব্য কৰি আহিছিল।
তেওঁ ১০ ছেপ্তেম্বৰত গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কৰ সন্দৰ্ভত বিস্ফোৰণ ঘটাব বুলিও উল্লেখ কৰিছিল। তাৰেই পৰিপ্ৰেক্ষিতত আজি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্যি এইদৰে মন্তব্য কৰে।
আজি গোগামুখত এক সংবাদ মেল সম্বোধন কৰি অখিল গগৈয়ে সাংসদ গৌৰৱ গগৈক বাৰে বাৰে পাকিস্তানী এজেণ্ট বুলি কৈ অহাৰ কথা উল্লেখ কৰি কয়, কাইলৈ অসমত ফুটিব এটম ব’ম ৷ ব’ম ফুটিলে গৌৰৱ গগৈ যাব জে’ললৈ আৰু ব’ম নুফুটিলে হিমন্ত বিশ্ব শৰ্মাই এৰিব লাগিব মুখ্যমন্ত্ৰীৰ গাদী৷
তেওঁ মুখ্যমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি অহাৰ দৰেই গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট বুলি প্ৰমাণ কৰিব নোৱাৰিলে অসমবাসীয়ে মুখ্যমন্ত্ৰীক মিছলীয়া বুলি বুজি পাব আৰু যদি গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট হিচাপে প্ৰমাণ কৰিব পাৰে তেন্তে গৌৰৱ গগৈক অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে বুলিও মন্তব্য কৰে।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কৰ কথা অসত্য বুলি প্ৰমাণ কৰিব পাৰিলে ৰাজনীতিয়েই ত্যাগ কৰিব বুলিও ঘোষণা কৰিছিল। তেওঁ সাংসদ গগৈৰ পাকিস্তানৰ সম্পৰ্কৰ সন্দৰ্ভত সবিশেষ ১০ ছেপ্তেম্বৰত ৰাজহুৱা কৰিব বুলি উল্লেখ কৰিছিল।
ইফালে আজিৰ এই সংবাদ মেলতে বিধায়ক অখিল গগৈয়ে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ ব্যক্তিগত সহায়ক কংকণজ্যোতি ভূঞাই মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য পুঁজিৰ ধন আত্মসাত কৰাক লৈয়ো সোচ্ছাৰ হৈ পৰে। তেওঁ কয়, যি সময়ত দৰিদ্ৰ ৰোগীয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ দহ হেজাৰ টকা বিচাৰি হাহাকাৰ কৰিব লগা হয় সেই সময়তে সাংসদ প্ৰদান বৰুৱাৰ ব্যক্তিগত সহায়কে বিভিন্ন ব্যক্তিৰ নামত ভূৱাকৈ সাহায্য পুঁজিৰ ধন প্ৰদান কৰা দেখুৱাই পৰৱৰ্তী সময়ত সেই ধন পৰিয়াল তথা অঙহী-বঙহীৰ নামলৈ হস্তান্তৰ কৰি ভুৱাকৈ লাখ লাখ টকা হৰলুকি কৰিছে।
তাৰোপৰি তেওঁ দুই মন্ত্ৰী ক্ৰমে অশোক সিংহল আৰু জয়ন্ত মল্ল বৰুৱাকো তীক্ষ্ণ সমালোচনা কৰে। তেওঁ কয়, অশোক সিংহল নামৰ বেপাৰি এগৰাকীক আৰু পৰৱৰ্তী সময়ত জয়ন্তমল্ল বৰুৱাক গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব দি হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী উন্নয়নৰ বাবে কেন্দ্ৰৰ পৰা অহা ধন লুটাৰ ব্যৱস্থা কৰিছে৷