ড° লক্ষহীৰা দাসৰ মৃত্য়ু এক অপূৰণীয় ক্ষতিঃ বিধায়ক অখিল গগৈ

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শোক বাৰ্তাত অখিল গগৈয়ে কয় যে, ড° লক্ষহীৰা দাসৰ বিয়োগ অসমৰ শিক্ষা ক্ষেত্ৰৰ লগতে সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
cvvvvvvv

ডিজিটেল ডেস্কঃ  শিক্ষাবিদ ড° লক্ষহীৰা দাসৰ মৃত্যুত শোক প্ৰকাশ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শোক বাৰ্তাত অখিল গগৈয়ে কয় যে, তেখেতৰ বিয়োগ অসমৰ শিক্ষা ক্ষেত্ৰৰ লগতে সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি।

উল্লেখ্য যে, ১৯৩১ চনৰ ১৩ ফেব্ৰুৱাৰীত শুৱালকুছিত জন্ম লাভ কৰা লক্ষহীৰা দাস অসমৰ এগৰাকী প্ৰসিদ্ধ শিক্ষাবিদ, কবি, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী তথা  শিক্ষাতত্ত্ব বিভাগৰ বহুসংখ্যক পাঠ্যপুথিৰ প্ৰণেতাও আছিল।

 সৰাপাত আৰু লাচিত বৰফুকন চলচ্চিত্ৰত কণ্ঠদান কৰা অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা, সংগীতাচাৰ্য উপাধি, অসম চৰকাৰৰ শিল্পী বঁটা, ভূপেন হাজৰিকা বঁটা, সংগীত নাটক একাডেমীৰ লগতে বহু সন্মানেৰে বিভূষিত লক্ষহীৰা দাসৰ মৃত্যুত ৰাইজৰ দলে গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আৰু গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰে।

লক্ষহীৰা দাস