গৃহ সমষ্টি মৰিয়নিত অখিল গগৈ, এসপ্তাহৰ ভিতৰত ঘোষণা কৰিব ৰাইজৰ দলৰ প্ৰাৰ্থীৰ নাম…

গৃহ সমষ্টি মৰিয়নিত অখিল গগৈ, এসপ্তাহৰ ভিতৰত ঘোষণা কৰিব ৰাইজৰ দলৰ প্ৰাৰ্থীৰ নাম…

author-image
asomiyapratidin
New Update
গৃহ সমষ্টি মৰিয়নিত অখিল গগৈ, এসপ্তাহৰ ভিতৰত ঘোষণা কৰিব ৰাইজৰ দলৰ প্ৰাৰ্থীৰ নাম…

ডিজিটেল সংবাদ,মৰিয়নি: উপনিৰ্বাচন সমাগত। কংগ্ৰেছ বিজেপিয়ে মৰিয়নি সমষ্টিত নিৰ্বাচন কেন্দ্ৰীক কুচকাৱাজ আৰম্ভ কৰাৰ পাছত  ৰাইজৰ দলেও নিজৰ তৎপৰতা আৰম্ভ কৰিছে।বুধবাৰে মৰিয়নীত ৰাইজৰ দলৰ কেইবাখনো দলীয় সভা অনুষ্ঠিত হয়। এই দলীয় সভাকেইখনত অংশগ্ৰহণ কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

Advertisment

চেলেংহাটৰ হেমলাইত অনুষ্ঠিত এখন দলীয় সভাৰ পাছত অখিল গগৈয়ে সাংবাদিকৰ সৈতে কৰা মত বিনিময়ত কংগ্ৰেছৰ সৈতে প্ৰাৰ্থীত্ব কেন্দ্ৰিক বুজা বুজি নহয় বুলি কৈ এসপ্তাহৰ ভিতৰত মৰিয়নিত ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীৰ নাম ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে। অন্যহাতে বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গঁড়ৰ খৰ্গ জ্বলোৱাতো দুৰ্ভাগ্যজনক আখ্যা দিছে।

লগতে মাটিৰ দালালক আৰক্ষীয়ে আটক কৰাতো নাটক আখ্যা দিয়াৰ ওপৰিও ডাঙৰ মাটিৰ দালাল তথা ন-বিজেপি ফণী তালুকদাৰক আটক কৰি দেখুৱাবলৈ মুখ্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায়।উল্লেখ্য যে বুধবাৰৰ সভাত প্ৰায় শতাধিক লোকে ৰাইজৰ দলত আনুষ্ঠানিকভাবে অংশগ্ৰহন কৰে।