/asomiyapratidin/media/media_files/2026/01/17/gdfyhjnkjkojkojk-2026-01-17-22-53-28.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ ধুবুৰী জিলাৰ বিৰসিং জুৰুৱা বিধানসভা সমষ্টিত ৰাইজৰ দলৰ উদ্যোগত অনুষ্ঠিত এক বিশাল গণ সমাবেশত অংশগ্ৰহণ কৰে দলটোৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ। চৰাঞ্চলৰ বন্দিহানাৰ ফেন্সি বজাৰত অনুষ্ঠিত এই গণ সমাবেশত উপস্থিত হৈ অখিল গগৈয়ে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/17/whatsapp-image-2026-01-17-2026-01-17-23-16-25.jpeg)
সংখ্যালঘু মুছলমান অধ্যুষিত অঞ্চলত আহি অখিল গগৈয়ে AIUDF দলকো তীব্ৰ ভাষাৰে সমালোচনা কৰে। অখিল গগৈয়ে উল্লেখ কৰে যে, “আমি ধৰ্মৰ ৰাজনীতি নিবিচাৰোঁ। সংখ্যালঘু মুছলমান মানুহে যদি AIUDFক ভোট দিয়ে, তেন্তে উজনি অসমৰ হিন্দু মানুহে বিজেপিক ভোট দিব। ইয়াৰ ফলত অসমত সাম্প্ৰদায়িক বিভাজন আৰু অধিক গভীৰ হ’ব।” এই পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ সকলো জাতি, ধৰ্ম আৰু জনগোষ্ঠীৰ লোক একেলগে মিলি এখন অসম্প্ৰদায়িক চৰকাৰ গঠন কৰাৰ আহ্বান জনায় ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/17/whatsapp-image-2-2026-01-17-23-16-45.jpeg)
লগতে তেওঁ মন্তব্য কৰে যে, মুছলিম সাম্প্ৰদায়িক দল AIUDF আৰু হিন্দু সাম্প্ৰদায়িক দল বিজেপি—দুয়োটা দলকেই সকলোৱে মিলি “ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগিব।”
আনহাতে, সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত অখিল গগৈয়ে উল্লেখ কৰে যে, সংখ্যালঘু ভোটাৰ বেছি থকা সমষ্টিসমূহত যদি কংগ্ৰেছ দলে ৰাইজৰ দলৰ বাবে ঠাই এৰি নিদিয়ে, তেন্তে ৰাইজৰ দলেও বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/17/dcb00589-fe49-2026-01-17-23-17-00.jpg)
ইফালে, বিৰসিং জুৰুৱা বিধানসভা সমষ্টিত উন্নয়নৰ অভাৱৰ অভিযোগ উত্থাপন কৰি বৰ্তমান বিধায়ক ৱাজেদ আলী চৌধুৰীকো তীব্ৰ সমালোচনা কৰে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে। যিহেতু বিধায়কগৰাকীয়ে সমষ্টিৰ উন্নয়ন কৰিব নোৱাৰে, তেন্তে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাই ভাল বুলি মন্তব্য কৰে অখিল গগৈয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us