/asomiyapratidin/media/media_files/2026/01/08/whatsapp-image-2026-2026-01-08-20-16-08.jpeg)
ডিজিটেল ডেস্কঃ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ বিৰুদ্ধে উত্থাপন হৈছে ধনদাবীৰ গুৰুতৰ অভিযোগ। শেহতীয়াকৈ এই অভিযোগক কেন্দ্ৰ কৰি মন্ত্ৰী প্ৰশান্ত ফুকনে সামাজিক মাধ্যমত কটাক্ষ কৰি কয় যে, 'সামাজিক মাধ্যমত ভাইৰেল হোৱা এই কথোপকথনৰ বিষয়ে অখিল গগৈ ডাঙৰীয়াই নিজৰ স্থিতি স্পষ্ট কৰা উচিত। আপোনাৰ দাবী মানি ল’বলৈ কোনো ইচ্ছুক নহয়।'
উল্লেখযোগ্য যে, সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা বিশেষ ফোনকল ৰেকৰ্ডিঙয়ে এই বিতৰ্কক অধিক জটিল ৰূপ দিছে। সামাজিক মাধ্যমত ভাইৰেল হোৱা ফোনকলটোত হ'ল ৰাইজৰ দলৰ সদ্য পদত্যাগী এজন নেতা আৰু এগৰাকী কৰ্মীৰ মাজত হোৱা কথোপকথন। উক্ত কথোপকথনত অখিল গগৈয়ে বিজেপি চৰকাৰৰ এজন মন্ত্ৰীৰ পৰা ২০ কোটি টকাৰ দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে। লগতে ধন পৰিশোধ হ’লে বিজেপিৰ বিৰুদ্ধে ৰাজহুৱা ভাৱে নিশ্চুপ থাকিব বুলিও কথোপকথনত উল্লেখ আছে।
ইয়াৰ উপৰি কংগ্ৰেছ দলৰ ওচৰতো একে পৰিমাণৰ ধন দাবী কৰাৰ কথাও উত্থাপিত হৈছে ফোনকলটোত। যদিও ভাইৰেল ফোনকলটোত কোনো মন্ত্ৰীৰ নাম স্পষ্টভাৱে প্ৰকাশ পোৱা নাই, তথাপিও ইয়াৰ বিষয়বস্তু ৰাজনৈতিক মহলত গভীৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
এই প্ৰসংগত মন্ত্ৰী প্ৰশান্ত ফুকনে ফোনকলটো সামাজিক মাধ্যমত আপলোড কৰি স্পষ্টভাৱে অখিল গগৈৰ স্থিতি জনাবলৈ আহ্বান জনায়। তেওঁৰ মতে, ৰাজনীতিত স্বচ্ছতা আৰু জবাবদিহিতা অতি প্ৰয়োজনীয়, আৰু এনে গুৰুতৰ অভিযোগৰ ক্ষেত্ৰত নীৰৱতা গ্ৰহণযোগ্য নহয়।
ইফালে, এই ঘটনাৰ মাজতে ৰাইজৰ দলৰ একাধিক নেতাৰ পদত্যাগে দলটোৰ ভিতৰৰ অসন্তুষ্টি আৰু আভ্যন্তৰীণ সংকটকো পোহৰলৈ আনিছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, ভাইৰেল ফোনকল আৰু পদত্যাগসমূহে দলটোৰ সংগঠনগত স্থিৰতা সম্পৰ্কে গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।
উল্লেখযোগ্য যে, এই পৰ্যন্ত অখিল গগৈয়ে ভাইৰেল ফোনকল অথবা ধনদাবীৰ অভিযোগ সন্দৰ্ভত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া দিয়া নাই। এনে অৱস্থাত মন্ত্ৰী প্ৰশান্ত ফুকনৰ মন্তব্যক কেন্দ্ৰ কৰি বিষয়টো অধিক তীব্ৰ ৰূপ লৈছে আৰু আগন্তুক দিনসমূহত অসমৰ ৰাজনীতিত এই বিতৰ্কে কি ৰূপ ল’ব, সেয়া লক্ষ্যণীয় হৈ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us