/asomiyapratidin/media/media_files/2025/11/14/udalguri-palnaam-2025-11-14-20-51-38.jpg)
ডিজিটেল সংবাদ, ওদালগুৰি : ওদালগুৰিৰ মধ্য ওদালগুৰি ৰাজহুৱা ৰাখাল নামঘৰত অহা ১৬ নৱেম্বৰত ১০ ঘণ্টীয়া অখণ্ড পালনামৰ আয়োজন কৰা হৈছে। পালনামৰ কাৰ্যসূচী অনুসৰি ১৬ নৱেম্বৰৰ পুৱা ৫ বজাত জাগৰণপৰিচালনা কৰিব ফনিধৰ ৰাজবংশীয়ে।
একেদৰে পুৱা ৬.৪৫ বজাত আই সকলৰ নিত্য প্রসঙ্গ পৰিচালনা কৰিব মধ্য ওদালগুৰি ৰাজহুৱা ৰাখাল নামঘৰৰ আই-মাতৃসকলে, ৭.৩০ বজাত বাপ সকলৰ নিত্য প্রসঙ্গ পৰিচালনা কৰিব ৰাতুল পাঠকে সহযোগ কৰিব শ্রীমন্ত শঙ্কৰদেৱ সত্র, ওদালগুৰিৰ বাপ-বান্ধবে। পুৱা ৮.৩০ বজাত নামাচাৰ্য্যক আদৰণী,পুৱা ৯ বজাত পালনামৰ শুভৰাম্ভ কৰিব খৈৰাবাৰী শংকৰদেৱ সত্ৰৰ নামাচাৰ্য্য উদ্ধৱ ওজাই।
আনহাতে দিনৰ ১ বজাত প্রসাদ বিতৰণ আৰু সাত্ত্বিক আহাৰ গ্ৰহণ, দুপৰীয়া ১.৩০ বজাত ঘোষা কীৰ্ত্তন পৰিচালনা কৰিব মুঢ়াখাট শ্রীমন্ত শঙ্কৰদেৱ শাখা সত্রৰ যোগেন ৰাভা আৰু সঙ্গীবৃন্দ বাপ বান্ধৱে। দুপৰীয়া ২.৩০ বজাত ঘোষা কীর্ত্তন পৰিচালনা কৰিব মাজবাটৰ সোনাপুখুৰী শ্রীমন্ত শঙ্কৰদেৱ শাখা সত্ৰৰ ব্রজেন দাস আৰু সঙ্গীবৃন্দই।
আবেলি ৩.০০ বজাত ঘোষা কীর্ত্তন পৰিচালনা কৰিব ২ নং বটাবাৰী শ্ৰীমন্ত শঙ্কৰদেৱ শাখা সত্ৰ নৰেন ডেকা আৰু সঙ্গীবৃন্দই, অবেলি ৩-৩০ বজাত আৱেলিৰ প্ৰসঙ্গ পৰিচালনা কৰিব নিলঞ্জিত দাস আৰু সঙ্গীবৃন্দই সহযোগ কৰিব মধ্য ওদালগুৰি ৰাজহুৱা ৰাখাল নামঘৰ বাপ বান্ধৱে। সন্ধিয়া ৪.৪৫ বজাত ঘোষা কীর্ত্তন পৰিচালনা কৰিব হৰিশিঙাৰ শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰৰ অনিৰুদ্ধ ভড়ালী আৰু সঙ্গীবৃন্দই।
সন্ধিয়া ৬.১০ বজাত সন্ধিয়াৰ প্ৰসঙ্গ পৰিচালনা কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সমাজ বামুনীমৈদাম, গুৱাহাটীৰ শৰণাচাৰ্য্য তৰণী কান্ত ভকতে (বাবুল বাপ), সন্ধিয়া ৭.০০ বজাত পালনাম সামৰণিৰ অংশ পৰিচালনা কৰিব খৈৰাবাৰী শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰৰ উদ্ধৱ ওজা বাপে। সন্ধিয়া ৮.০০ বজাত পালনাম সামৰণি আৰু প্ৰসাদ বিতৰণ। সমূহ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে নামঘৰ পৰিচালনা আৰু পালনাম পৰিচালনা সমিতিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us