/asomiyapratidin/media/media_files/2026/03/05/236-2026-03-05-18-27-18.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰৰ বালিপৰাৰ বামগাঁও বিষ্ণুপুৰ গাঁৱৰ শ্ৰীশ্ৰী ৰাধা মদন মোহন মন্দিৰত বিগত বৰ্ষৰ দৰে এইবেলিও দৌল পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি ৫৪ সংখ্যক বাৰ্ষিক ৯৬ ঘণ্টীয়া ৩২ প্ৰহৰ অখণ্ড হৰিনাম সংকীৰ্তনৰ আয়োজন কৰা হৈছে । ৩ মাৰ্চৰ পৰা ৭ মাৰ্চলৈ চলিবলগীয়া উক্ত হৰিণাৰ সংকীৰ্তন ভাগত বৰাকভেলী, শিলচৰ , খৈৰাবাৰী , ঢেকীয়াজুলি আৰু স্থানীয় এটি দলে অংশগ্ৰহণ কৰি হৰিনাম সংকীৰ্তন পৰিবেশন কৰি আছে।
উক্ত কীৰ্তন ভাগত শ্ৰেষ্ঠ দল, শ্ৰেষ্ঠ হাৰমুনিয়ম বাদক , শ্ৰেষ্ঠ গায়ক , শ্ৰেষ্ঠ বাহি বাদক , শ্ৰেষ্ঠ তাল বাদকক বটা প্ৰদান কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। অনুষ্ঠানটিত আসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us