AJYCP ৰ মুখ্য কাৰ্যালয়ত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিঃ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ চৰকাৰৰ পৰা বিচাৰিলে ভূমি

প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ AJYCP ৰ শ্ৰদ্ধাঞ্জলি। AJYCP ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সভাপতি পলাশ চাংমাইকে ধৰি বহু কেইজন নেতা, কৰ্মী উপস্থিত থাকে।

author-image
Tushar Pratim
New Update
AJYCP ৰ মুখ্য কাৰ্যালয়ত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিঃ প্ৰতিমূৰ্তি  নিৰ্মাণ কৰিবলৈ চৰকাৰৰ পৰা বিচাৰিলে ভূমি

ডিজিটেল ডেস্কঃ প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শ্ৰদ্ধাঞ্জলি। আজি গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ চানমাৰিত থকা এ জে ৱাই চি পিৰ মুখ্য কাৰ্যালয় বিষ্ণু ৰাভা ভৱনৰ চৌহদত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সংগঠনটোৰ সভাপতি পলাশ চাংমাইকে ধৰি বহু কেইজন নেতা, কৰ্মী উপস্থিত আছে।

এই অনুষ্ঠানৰ পৰাই পলাশ চাংমায়ে প্ৰয়াত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এ জে ৱাই চি পিৰ সৈতে থকা জুবিনৰ সম্পৰ্কক ৰুমন্থন কৰে আৰু জুবিন গাৰ্গে আজীৱন এ জে ৱাই চি পিৰ সৈতে থাকিব বুলি মন্তব্য কৰাৰ কথাও উল্লেখ কৰে।

তাৰোপৰি তেওঁ ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে যি ঘটনা সংঘটিত হল তাৰ উচিত তদন্তৰো দাবী উত্থাপন কৰে। অন্যহাতে জুবিন গাৰ্গৰ এটা পূৰ্ণ অবয়ৱৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ সংগঠনটোক গুৱাহাটীত ভূমি আৱণ্টন দিবলৈ চৰকাৰলৈ আহ্বান জনাই পলাশ চাংমায়ে। এই অনুষ্ঠানতে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তয়ো জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই পুষ্পাঞ্জলি অৰ্পণ কৰে।

Screenshot 2025-09-20 150121

জুবিন গাৰ্গ