ধেমাজি জিলা হিচাপে ঠিকেই ঘোষণা হ'ল, সমস্যাবোৰ সমস্যা হৈয়ে ৰ'ল !

বান-খহনীয়া, নিবনুৱা, স্বাস্থ্য, যাতায়াত সমস্যাৰে জৰ্জৰিত ধেমাজি

author-image
Asomiya Pratidin
New Update
ধেমাজি জিলা হিচাপে ঠিকেই ঘোষণা হ'ল, সমস্যাবোৰ সমস্যা হৈয়ে ৰ'ল !

DHEMAJI

ডিজিটেল সংবাদ জোনাইঃ ধেমাজি জিলাৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ প্ৰাক ক্ষণত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে সমূহ ধেমাজিবাসী ৰাইজলৈ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই এক বিবৃতিযোগে ধেমাজি জিলাত বহু উন্নয়ন হৈছে যদিও জিলা ঘোষণাৰ সময়ত ৰাইজৰ যি আশা-আকাংক্ষা সেই লক্ষ্য আজিও পূৰণ নোহোৱা বুলি আক্ষেপ প্ৰকাশ কৰিছে।

Advertisment

উল্লেখযোগ্য যে, ধেমাজি জিলা প্ৰশাসনে অহা এক অক্টোবৰত 'ধেমাজি জিলা দিৱস' এদনীয়া কাৰ্যসূচীৰে উদযাপন কৰিব। উল্লেখযোগ্য যে, ১৯৭৯ চনৰ ১ অক্টোবৰত ধেমাজিক জিলা হিচাপে ঘোষণা কৰা হৈছিল।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই বিবৃতিযোগে অভিযোগ কৰামতে ধেমাজি জিলা আৰু ইয়াৰ জোনাই মহকুমাত আজিকোপতি বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থানীয় সমাধান নহ'ল। বৰঞ্চ চিয়াং-লালী, ব্ৰহ্মপুত্ৰৰ লগতে চিমেন, দিখাৰী, গাইনদী, জীয়াধল আদি বিভিন্ন নদ-নদীৰ বক্ষ অস্বাভাৱিকভাৱে বাম হৈ বছৰি বান-খহনীয়াৰ সমস্যা অধিক জটিল ৰূপ ধাৰণ কৰিছে।

ধেমাজি সদৰ এলেকা, চিলাপথাৰ নগৰ এলেকা আৰু জোনাই সদৰ এলেকাৰ কৃত্ৰিম বানপানী সমস্যাও সমাধান নহ'ল। ইপিনে ধেমাজি জিলাৰ নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ প্ৰকল্পৰ পৰা নামনিবাসী জীৱন আৰু সম্পত্তি সুৰক্ষা আৰু পাৰিপাৰ্শ্বিক ৰক্ষণাবেক্ষণ সুনিশ্চিত নোহোৱাত ৰাইজে মূৰত জলবোমাৰ আশংকা লৈ দিন পাৰ কৰিবলগা হৈছে।

নিবনুৱা সমস্যাৰে জৰ্জৰিত ধেমাজি জিলাত নিবনুৱা সমস্যাৰ সমাধান বা বিভিন্ন সম্ভাৱনীয়তা থকাৰ পিছতো উদ্যোগ প্ৰতিষ্ঠাত চৰকাৰৰ তথা জিলা প্ৰশাসনৰ ব্যৰ্থ হোৱা বুলি অভিযোগ কৰিছে। তদুপৰি ধেমাজি জিলাৰ জোনাই ৰুক্মিণী গাঁৱত প্ৰায় পাঁচ কোটি টকাৰে নিৰ্মাণ কৰা ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰখন বিগত প্ৰায় ৮ বছৰে অৰ্ধনিৰ্মিত অৱস্থাতে পৰিত্যাক্ত হৈ থাকিল।

বিবৃতিখনৰ মতে ধেমাজি জিলাত ৰাষ্ট্ৰীয় ঘাইপথখন ঠায়ে ঠায়ে বিধ্বস্ত হৈ পৰাৰ উপৰি বিভিন্ন গাঁও অঞ্চল, চৰ-চাপৰি এলেকাৰ ৰাইজে আজিও পকী পথ-দলঙৰ অভাৱত বোকা-পানীৰে উপচা পথ আৰু বাঁহৰ সাকুৰে ৰাইজে বিপদসংকুল যাতায়াত চলাবলগা হৈ আছে বুলি আক্ষেপ প্ৰকাশ কৰিছে। বিশেষকৈ ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত নাহৰ বিজুলী আৰু দুই নং অমৰপুৰৰ মাজেৰে বৈ যোৱা নাহৰ নলাত আজিও দলং নোহোৱাত অঞ্চলটোৰ কণ কণ ছাত্র-ছাত্রীয়ে নদীৰ বুকুৰে বিপদসংকুল যাত্ৰাৰে দৈনিক বিদ্যালয়লৈ যাব লগা হৈছে।

চিকিৎসাৰ ক্ষেত্ৰতো জিলাখনৰ প্ৰায়বোৰ চিকিৎসা কেন্দ্ৰতে বিশেষজ্ঞ চিকিৎসা, আধুনিক চিকিৎসাৰ সা-সঁজুলিৰ অভাৱ আৰু আন্তঃগাথঁনিৰ বহু সমস্যা মাজেৰে চলি আছে। যাৰ ফলত আজিও ধেমাজি জিলাৰ ৰোগীৰ ৰাইজে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় আদিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিব লগা হৈছে।

ইপিনে ধেমাজি জিলাৰ জোনাইৰ একমাত্ৰ বৰ্ষাৰণ্য তথা জীৱ-বৈচিত্ৰ্যৰ ভঁৰাল পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈ বৰ্ষাৰণ্য পবাক অভয়াৰণ্য মৰ্যাদা প্ৰদান নকৰিলে। এনেদৰে জিলা ঘোষণাৰ বহু আশা আজিও অসম্পূৰ্ণ হৈ বান-খহনীয়া, নিবনুৱা, স্বাস্থ্য, যাতায়াত আদি অন্তহীন সমস্যাৰে জৰ্জৰিত হৈ থকা ধেমাজি জিলালৈ চৰকাৰৰ কৃপা দৃষ্টি কেতিয়া পৰিব বুলি প্ৰশ্ন কৰিছে।

assam dhemaji