/asomiyapratidin/media/media_files/2025/09/25/425-2025-09-25-16-23-53.jpg)
ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ সমগ্ৰ অসমৰ দল- সংগঠন তথা ব্যক্তি বিশেষে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাক লৈ ঘনীভূত হৈছে সন্দেহৰ। ইয়াৰ মাজতে বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক সংবাদমেল সম্বোধন কৰে। সংগঠনটোৱে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ শোক প্ৰকাশ কৰি কেইবাটাও প্ৰশ্ন অৱতাৰণ কৰে।
এক বিবৃতিযোগে যুৱ ছাত্ৰ পৰিষদে কয়- প্রথমতে আমি সদৌটিকে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ তৰফৰ পৰা বৈপ্লবিক অভিনন্দন জ্ঞাপন কৰিছো । যোৱা ১৯ ছেপ্তেম্বৰৰ দিনা অসমৰ এটা নক্ষত্র খহি পৰিল।
আমাৰ আটাইৰে মৰমৰ শ্ৰদ্ধাৰ শিল্পী তথা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একালৰ সতীর্থ জুবিন গাৰ্গ আকস্মিকভাৱে আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ’ল। তেখেতৰ প্রয়াণৰ ৭ দিন পিছতো অসমীয়া মানুহৰ মন মগজু এতিয়াও স্বাভাৱিক অৱস্থাত ঘূৰি অহা নাই।
ছিংগাপুৰত তেখেতৰ মৃত্যুৰ ঘটনাটো ৰহস্যজনক আৰু যিমান সময় অতিক্রম কৰিছে বিষয়টো আৰু অধিক ৰহস্যঘন হৈ পৰিছে। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা আয়োজককে ধৰি তেখেতৰ সৈতে থকা বিভিন্ন লোকৰ সন্দেহজনক স্থিতিয়ে ঘটনাটো আৰু জটিল কৰি তুলিছে।
তেখেতৰ ৰহস্যজনক মৃত্যু দুর্ঘটনা নে পৰিকল্পিত হত্যা সেয়াও প্রশ্ন উত্থাপন হৈছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে প্রয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু মৃত্যুৰ আঁৰৰ সকলো ঘটনা পৰিঘটনা, সন্দেহজনক সকলো বিষয় অসমবাসীৰ সন্মুখত স্পষ্ট হোৱাটো বিছাৰিছো।
মহান শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পিছত ঘটনাত নাম সাঙোৰ খোৱা সকলৰ স্থিতি, বর্তমানলৈকে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ, তদন্ত প্রক্রিয়া এই সমগ্র বিষয়ৰ ওপৰত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ স্থিতিখিনি স্পষ্ট কৰাৰ লগতে চৰকাৰক আমি যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ পৰা কেতবোৰ দাবী উত্থাপন কৰিছোঁ। এই সকলোখিনি আপোনাসবৰ জৰিয়তে অসমৰ ৰাইজক অৱগত কৰোৱাৰ উদ্দেশ্য আজিৰ এই সংবাদ মেলৰ আয়োজন কৰা হৈছে।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্রথম কথা হ’ল- অতিশীঘ্ৰে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰোণোত্তৰভাৱে ভাৰতৰ সর্বোচ্চ অসামৰিক সম্মান ভাৰত ৰত্নৰে বিভূষিত কৰিব লাগে। এয়া আমাৰ দাবী।
দ্বিতীয়তে আমি অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে এতিয়াৰে পৰা যুৱ-ছাত্ৰ পৰিষদৰ প্ৰত্যেকটো সাংস্কৃতিক অনুষ্ঠান মহান শিল্পীগৰাকীৰ সৃষ্টি ‘মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি‘ শীর্ষক গীতেৰে আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে।
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু আৰু মৃত্যুৰ পৰৱৰ্তী সময়ত বিভিন্নজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ, চৰকাৰৰ ভূমিকা সন্দৰ্ভত যুৱ-ছাত্র পৰিষদে নিম্ন উল্লেখিত বিষয়সমূহ উত্থাপন কৰিছে।
১। কিয় এই পর্যন্ত শ্যামকানু মহন্তক আটক, সোধা-পোচা আৰু গ্রেপ্তাৰ কৰা নাই ? ৪৮ ঘণ্টাৰ ভিতৰত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা আৰু আন আন অভিযুক্তক তদন্তৰ আওতালৈ আনি গ্রেপ্তাৰ নকৰিলে পৰিষদে তীব্র আন্দোলন গঢ়ি তুলিব। অভিযুক্তসকলৰ ঘৰ ঘেৰাও কৰা হ’ব।
২। কিয় প্রথমে চিআইডি, পাচত আজিৰ এছআইটি ? আমি বিচাৰো চিবিআই তদন্ত, কাৰণ ছিংগাপুৰৰ দৰে বিদেশত সংঘটিত হৈছিল জুবিন গাৰ্গৰ ৰহস্যজনক অৱস্থাত মৃত্যু।
৩। এটা ৰহস্যময় পৰিস্থিতিত মৃত্যু হৈছিল জুবিন গাৰ্গৰ। আজি ঘটনা সংঘটিত হোৱাৰ ছয় দিন হ’ল, কিন্তু আজিলৈ ঘটনাৰ প্রাথমিক অনুসন্ধান কৰা হোৱা নাই কিয় ?
৪। মৃত্যুৰ দিনা জুবিন গাৰ্গৰ সৈতে যোৱা প্রবাসী অসমীয়া আৰু অসমৰ বাকী সকলোৰে চিনাক্তকৰণ, তেওঁলোকৰ ভাষ্য সংগ্রহৰ ব্যৱস্থা কৰা হৈছেনে ? অসম চৰকাৰে অনতিবিলম্বে ভাৰত চৰকাৰৰ সহযোগত ছিংগাপুৰৰ জুবিন গাৰ্গ আৰু সংগীসকলক লৈ যোৱা য়টখনৰ গৰাকী, পৰিচালক আৰু কর্মচাৰীৰ ভাষ্য সংগ্রহৰ ব্যৱস্থা কৰক।
৫। জুবিন গার্গৰ শেষ সয়মৰ ভিডিঅ’সমূহ কিস্তি কিস্তিকৈ দি থকা হৈছে। কিয় তদন্তকাৰী সংস্থাই এই পর্যন্ত এই ভিডিঅ’সমূহৰ মূল উৎসৰ সন্ধান কৰা হোৱা নাই ?
৬। জুবিনক মুমুর্ষ অৱস্থাত পাৰলৈ তুলি অনাৰ পাচত কিয় আধা ঘণ্টা পর্যন্ত চিপিআৰৰ নামত গোল্ডেন টাইমখিনি অপব্যয় কৰা হল ? কিয় এম্বুলেন্সখন ৰখাই থৈ মানুহজনক কেৱল চিপিআৰ দি থাকিয়েই মৰিবলৈ এৰি দিয়া হ’ল ? বিশ্বৰ ভিতৰতে শ্রেষ্ঠ ইমাৰজেন্সি আৰু ক্রিটিকেল কেয়াৰ ফেচিলিটি থকা ছিংগাপুৰত গোল্ডেন টাইমখিনি ইচ্ছাকৃতভাৱে অপব্যয় কৰা হ’ল নেকি?
৭। জুবিন গাৰ্গৰ মোবাইল ফোনটো আজিলৈ কিয় সিদ্ধার্থ শৰ্মাৰ পৰা উদ্ধাৰ কৰা হোৱা নাই?
৮। নর্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ শ্যামকানু মহন্তই যিহেতু ভাৰত চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যসমূহৰ বিভিন্ন বিভাগ আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগৰ পৰা ধন লৈ পাতিছিল, সেয়ে সকলো ধনৰ হিচাপ ৰাজহুৱা হ’ব লাগিব। শ্যামকানু মহন্ত কোন হয় ? কিয় তেওঁক উত্তৰ-পূর্বাঞ্চলৰ সাংস্কৃতিক প্রমোচন আৰু আন্তঃৰাষ্ট্রীয় ব্যৱসায়িক সম্পর্ক বা বিনিয়োগ অনাৰ কর্তৃত্ব দিয়া হৈছে? তেওঁ চৰকাৰৰ কোনো দায়িত্বশীল কর্তৃপক্ষ নেকি?
আমাৰ স্পষ্ট কথা- সিদ্ধার্থ শর্মা আৰু শ্যামকানু মহন্তৰ সকলো ধৰণৰ বেংক একাউন্ট ফ্রিজ কৰক। নর্থ ইষ্ট ফেষ্টিভেল আৰু ৰঙালী পাতি যিমান চৰকাৰী ধনৰ শৰাধ কৰিলে, তাৰ বিনিময়ত অসমৰ আৰু উত্তৰ পূব ভাৰতৰ পর্যটনৰ কি লাভ হ’ল, তাৰ হিচাপ আমাক চৰকাৰে দিব লাগিব। ৰাইজৰ কৰৰ ধনৰে শ্যামকানুহঁতৰ দৰে পৰজীৱীৰ পেট গেৰেলা কৰিবলৈ দিয়াটো যুৱ-ছাত্র পৰিষদে কেতিয়াও মানি নলয়।
৯। শ্যামকানু মন্ত্রী-বিধায়ক নহয়, চৰকাৰী বিষয়াও নহয়। বিদেশত থকা ৰাষ্ট্রদূত, অন্য ৰাজ্যৰ মুখ্যমন্ত্রীৰ লগত Business Summit পাতিবলৈ তেওঁ কোন ?
১০। অভিযুক্তই প্রেছমিট দিছে, সাক্ষাৎকাৰ দিছে- ছিংগাপুৰৰ পৰা মনে মনে আহি এতিয়া ভূমুকি মাৰি নিজৰ সপক্ষে বলকি আছে আৰু আৰক্ষীয়ে কি কৰিছে? ঘোঁৰা ঘাঁহ কাটি আছে নেকি ? তেওঁলোকৰ বিৰুদ্ধে একাধিক অপৰাধীক গোচৰ বা এজাহাৰ থকাৰ পিছতো গ্রেপ্তাৰ কিয় কৰা নাই ?
১১। সঞ্জীৱ নাৰায়ন দেশৰ সংবিধানৰ উদ্ধত নেকি ? কালি তেখেতৰ সংবাদমেলখনত দেশৰ বিদেশ ৰাজ্য মন্ত্রী পবিত্র মাঘেৰিটাদেৱক সি, তাক বুলি কৈ মই ফোন কৰিছো ইত্যাদি মন্তব্য কৰিছে। আমাৰ দেশৰ প্রট'কল অনুসৰি বিদেশ ৰাজ্য মন্ত্রীজনৰ স্থান দশম।
IFS দেশৰ দশম স্থানৰ প্রট'কলত থকা লোক সন্মানীয় মন্ত্রীজনক এইদৰে ৰাজহুৱাভাৱে ক’ব নোৱাৰে। অৱশ্যে সঞ্জীৱ নাৰায়ণৰ স্থানটো তেওঁতকৈ ওপৰত হ'লে কথাটো বেলেগ আছিল। এইটো কেচ হ'লে তেওঁৰ কিন্তু ৰক্ষা নাই।
সঞ্জীৱ নাৰায়ণে কালি আৰু এটা কথা ক’লে ছিংগাপুৰস্থিত ভাৰতীয় হাই কমিছনৰ ডেপুটী হাই কমিছনাৰজন জুবিনৰ দুর্ঘটনাৰ জেগাত আহিছিল আৰু চিকিৎসালয়লৈ যাওঁতে ডেপুটী হাই কমিছনাৰৰ গাড়ীতে তেওঁ গৈছো বুলি কৈছে।
কিন্তু আমি জনাত ছিংগাপুৰ হাই কমিছনত কোনো পুৰুষ ডেপুটী হাই কমিছনাৰ নাইয়েই। তাত এগৰাকী পূজা নামৰ (IFS) মহিলা ডেপুটী হাই কমিছনাৰহে আছে। আৰু এটা কথা বুজি নাপালো তাত হাই কমিছনৰ অফিচৰ পৰা ইমান সোনকালে কেনেকৈ সাগৰৰ পাৰত ডেপুটী হাই কমিছনাৰ ওলালগৈ আৰু কোনে খবৰ দিলে সেইটোহে আমি বুজিব নোৱাৰিলো।
১২। জুবিন গাৰ্গৰ গানৰ স্বত্ব সিদ্ধার্থ শৰ্মা আৰু টাৰ্চেম মিট্টালৰ হাতৰ পৰা কলাগুৰু ফাউণ্ডেশ্যন বা গৰিমা শইকীয়া গার্গৰ হাতলৈ হস্তান্তৰ কৰিবই লাগিব।
১৩। আমাৰ প্ৰশ্ন আছে। কাৰ হাতত থাকিব জুবিন গাৰ্গৰ গানৰ কপিৰাইট ? সিদ্ধার্থ শৰ্মাই মৃত্যুৰ পাছতো চলায়েই আছে নেকি ব্যৱসায় ? সিদ্ধার্থ শৰ্মাই কিয় এপ্রিল মাহতেই সলাব বিচাৰিছিল জুবিনৰ নামত থকা ফোনৰ মালিকীস্বত্ব ? খণ্ড খণ্ডকৈ ছিংগাপুৰৰ ভিডিঅ' কোনে প্রকাশ কৰিছে ? অভিযুক্তক আত্মপক্ষ সমর্থনৰ সুযোগ দিছে নেকি কোনোবাই ?
ব্যৱসায়ৰ স্বাৰ্থত কোনে কোনে ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গক ? অসুস্থ বুলি জনাৰ পিছতো কিয় সাগৰত সাঁতুৰিবলৈ বাধ্য কৰাইছিল জুবিনক ? শেখৰ গোস্বামীয়ে ভিন্ন জনৰ লগত ভিন্ন বক্তব্য ৰাখিছে, কোনে বিশ্বাস কৰিব যে জুবিন গার্গে কি বেমাৰত ভুগিছিল, কি ঔষধ লৈছিল ?
কিয় ইমান মিছা মতাৰ পাচতো সিদ্ধার্থক সোধা- পোচা কৰা হোৱা নাই ? আশে-পাশে থকা ছদ্মবেশীৰ বাবেই বিপদ হ'ল নেকি জুবিনৰ ? জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে প্রত্যক্ষ বা পৰোক্ষভাবে কোন ? আমি জানিব লাগিব।
১৪। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু, তেওঁৰ সংগী সঞ্জীৱ নাৰায়ণসহ সকলো, মেনেজাৰ সিদ্ধার্থ শর্মা, প্রবাসী অসমৰ লোকসকল আৰু জুবিন গাৰ্গৰ সৈতে থকা সকলৰ বিৰুদ্ধে উচ্চ পর্যায়ৰ তদন্ত হ’ব লাগে। ইচ্ছাকৃত নেগলিজেন্সৰ এটা গোচৰ হ’ব লাগে। চিআইডি, এছআইটি নহয়, চিবিআইৰ দ্বাৰা তদন্ত ঘোষণা হ’ব লাগে। এই পয্যন্ত অভিযুক্তৰ গতিবিধি আৰু চৰকাৰৰ তৎপৰতা দেখি আমি মুঠেই আশ্বস্ত হ’ব পৰা নাই।