/asomiyapratidin/media/media_files/2025/08/28/protest-2025-08-28-19-43-09.jpeg)
ডিজিটেল সংবাদ চিলাপথাৰঃ ভালুকৰ সাঙিত পৰিণত হৈছে চিলাপথাৰৰ চিমেনমুখ ৰাজ্যিক চিকিৎসালয়। ডিমৌ, চিমেনমুখ, মুক্তিয়াৰ, চিলাসুটি, নামনি চিলাসুটি আদি পঞ্চায়তৰ পাঁচ সহস্ৰাধিক ৰাইজৰ সু-স্বাস্থ্য ৰক্ষাৰ একমাত্ৰ উপায় হ'ল চিমেনমুখ ৰাজ্যিক চিকিৎসালয়।
এনে এখন গুৰুত্বপূৰ্ণ চিকিৎসালয় হোৱাৰ পিছতো বৰ্তমান চিকিৎসালয়ত নাই কোনো স্থায়ী চিকিৎসক। চিকিৎসালয়খনত ৰোগীয়া ব্যক্তিৰ ভৰসা হৈ পৰিছে কেৱল দুগৰাকীমান নাৰ্ছ আৰু অন্যান্য স্বাস্থ্যকৰ্মী।
ফলত এই চিকিৎসালয়খন থাকিও নথকাৰ দৰে হৈ পৰিছে। চিকিৎসালয়খনত ৰোগীৰ বাবে নাই এখন এম্বুলেঞ্চো। বৰষুণ দিলেই চিকিৎসালয়খনৰ ভিতৰত পৰে পানী।
এনে দৰেই কেইবাটাও বৃহৎ অঞ্চলৰ জনতাৰ স্বাস্থ্য ৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰা চিকিৎসালয়খনৰ এই দুৰৱস্থাৰ বাবে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিমৌ আঞ্চলিকে দুঘণ্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত তেওঁলোকে চিকিৎসালয়খনক এনে দুৰৱস্থাৰ পৰা শীঘ্ৰেই মুক্ত কৰাৰ দাবী উত্থাপন কৰে।
ৰোগীৰ চিকিৎসাৰ বাবে ইয়াত স্থায়ী চিকিৎসক নিযুক্তি, ৰোগীৰ সুবিধাৰ বাবে এম্বুলেঞ্চৰ ব্যৱস্থা কৰাকে ধৰি অন্যান্য সকলো ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই এই চিকিৎসালয়খনক অসামৰিক চিকিৎসালয়লৈ উন্নীতকৰণৰো দাবী উত্থাপন কৰে।
ৰাইজৰ সহযোগত ডিমৌ চাৰিআলিত সাব্যস্ত কৰা এই প্ৰতিবাদৰ সময়ছোৱাত প্ৰতিবাদকাৰীসকলে ‘স্বাস্থ্য বিভাগৰ হায় হায়’, ‘অসম চৰকাৰৰ কাম নাই’, ‘আমাৰ দাবী মানিবই লাগিব’,’স্থায়ী বিশেষজ্ঞ চিকিৎসক নিযুক্তি দিয়ক’ আদি শ্লোগানৰে আকাশ-বতাহ কঁপাই তোলে। তাৰোপৰি সংগঠনটোৰ এই দাবী পূৰণ নকৰিলে পুনৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।