/asomiyapratidin/media/media_files/2025/12/29/gaduhgsajhusgqyu-2025-12-29-20-22-42.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ কাৰ্বি আংলং জিলাৰ খিলঞ্জীয়া জনজাতীয় লোক সকলকে ধৰি অসমৰ সকলো থলুৱা খিলঞ্জীয়া লোকৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বৃহৎ প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ন কৰে।
তিনিচুকীয়া, লখিমপুৰ, নগাওঁ আৰু নলবাৰী জিলাৰ সদৰত ৰূপায়ন কৰা এই কাৰ্যসূচীৰ অন্ততঃ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নে উল্লেখ কৰে যে, শেহতীয়াভাৱে কাৰ্বিআংলং জিলাত বহিৰাগতই থলুৱা জনজাতীয় লোকৰ ভূমি বেদখল কৰাৰ লগতে থলুৱা কাৰ্বি জনজাতীয় লোকৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰি কাৰ্যত খিলঞ্জীয়া কাৰ্বি সকলৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এয়া অসমৰ থলুৱা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভবিষ্যতৰ প্ৰতি এক ভয়াবহ অশনি সংকেত।
দুই নেতাই লগতে উল্লেখ কৰে যে, কাৰ্বি পাহাৰ জিলাত হিন্দী, বঙালী ভাষা বহিৰাগতই জনজাতীয় কাৰ্বি সকলক প্ৰবঞ্চনা কৰি মাটি ক্ৰয় কৰাৰ লগতে জিলা খনৰ পিজিআৰ আৰু ভিজিআৰ অঞ্চল সমূহৰ মাটি বেদখল কৰি কাৰ্বিপাহাৰ জিলাত জনজাতীয় লোকৰ অস্তিত্ব বিপন্ন কৰিছে। দেশৰ সংবিধান অনুসৰি ষষ্ঠ অনুসূচীভুক্ত অঞ্চলত অন্য লোকে ভূমি ক্ৰয়, দখল আদিৰ জৰিয়তে ভূমিৰ অধিকাৰ লাভ কৰিব নোৱাৰে। কিন্তু পৰিতাপৰ বিষয় যে ষষ্ঠ অনুসূচীৰ সকলো বিধি বিধান উলংঘা কৰি কাৰ্বিপাহাৰ জিলাত বহু আগৰে পৰা বহিৰাগতই আগ্ৰাসন চলাই সম্প্ৰতি জনজাতীয় লোকৰ অস্তিত্ব বিপন্ন কৰিছে। ইতিমধ্যে জিলাখনত লাখ লাখ বহিৰাগতই নিগাজীকৈ থিতাপী লৈছে। আনকি এই বহিৰাগত সকলে মাটি সম্পতি ভোগ কৰি থকাৰ উপৰিও ৰাজনৈতিক অধিকাৰো সাৱস্ত্য কৰিবলৈ সক্ষম হৈছে।গোঁজেই গঁজালি মেলি সম্প্ৰতি এই বহিৰাগত সকলে অসমৰ আটাইতকৈ প্ৰাচীন থলুৱা ভূমিপুত্ৰ কাৰ্বি সকলক তেওঁলোকৰ স্বভূমিত নিৰ্যাতন নিপীড়িন আৰম্ভ কৰিছে। এয়া অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। ইয়াৰ বাবে কেবল বৰ্তমানৰ চৰকাৰেই নহয় পূৰ্বৰ চৰকাৰ সমূহো জগৰীয়া। বিগত সময়ত উত্তৰ ভাৰতীয় বহিৰাগত সকলক জনজাতীয় বেল্ট আৰু ব্লকত নিগাজীকৈ বসবাস কৰিবলৈ সুবিধা দিয়াৰ ফলত সম্প্ৰতি জনজাতি সকলৰ অস্তিত্ব গভীৰ সংকটত পৰিছে।
ইফালে, বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ খনে অসমৰ অন্য প্ৰান্তত পিজিআৰ, ভিজিআৰ আৰু সংৰক্ষিত বনাঞ্চলৰ মাটিত অবৈধভাৱে ভূমি বেদখল কৰা সকলক উচ্ছেদ কৰিছে। কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে কাৰ্বিপাহাৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বুলডুজাৰ থমকি ৰৈছে। ইয়াৰ অন্তৰালৰ কাৰণ হল উত্তৰভাৰতীয় মূলৰ লোক সকলৰ বৃহৎ ভোট বেংক। অসমৰ জনজাতীয় লোক সকল নিচিহ্ন হৈ গলেও বিজেপি দলে অসমৰ উত্তৰভাৰতীয় বহিৰাগত সকলৰ স্বাৰ্থৰ বিপৰীতে কোনো পদক্ষেপ গ্ৰহণ কৰিব নিবিছাৰে , এয়া বাস্তৱ সত্য।
নেতাদ্বয়ে লগতে কয় যে, অসমৰ ভূমিপুত্ৰ কাৰ্বি সকলৰ কাৰ্বি পাহাৰৰ বাহিৰে বিশ্বৰ কোনো প্ৰান্তত নিজস্ব অন্য ভূমি সম্পত্তি নাই। কাৰ্বিআংলঙেই কাৰ্বি সকলৰ নিজা মাতৃভূমি। তাৰ বিপৰীতে কাৰ্বি পাহাৰত আগ্ৰাসন চলোৱা হিন্দীভাষী, বঙালীভাষী বা অনান্য সকলৰ নিজা নিজা ৰাজ্যত ভূমি আছে। তেনে পৰিপ্ৰেক্ষিতত বহিৰাগত সকলে কাৰ্বি ভূমিপুত্ৰ সকলক তেওঁলোকৰ নিজা ভূমিতে অগ্ৰাসনৰ জৰিয়তে ভূমিহীন কৰিলে কাৰ্বিসকল থিতাপি নোহোৱা হব। সেয়েহে অসম চৰকাৰে অনতিবিলম্বে কাৰ্বিআংলঙত থকা সকলো বগিৰাগতক উচ্ছেদ কৰি খিলঞ্জীয়া ভূমিপুত্ৰ কাৰ্বি সকলক সুৰক্ষা প্ৰদান কৰিব লাগে। এয়া অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ স্পষ্ট দাবী।
আনহাতে, বৰ্তমানৰ ৰাজ্য চৰকাৰ খনেও ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কাৰ্বি আংলং, ডিমা হাছাও, বিটিচি আদিৰ লগতে জনজাতীয় বেল্ট, ব্লক আনকি বনাঞ্চলৰ হেজাৰ হেজাৰ বিঘা মাটি বহিৰাগত পুঁজিপতি বণিক গোষ্ঠীক দিয়াৰ ব্যৱস্থা কৰিছে। ৰাজ্য চৰকাৰৰ এনে কাৰ্যইও অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ স্বাৰ্থত আঘাত সানিছে। বিবৃতিটোত পৰিষদৰ নেতাদ্বয়ে লগতে কয় যে কেবল কাৰ্বিভূমিয়েই নহয় সম্প্ৰতি সমগ্ৰ অসমৰ সকলো থলুৱা খিলঞ্জীয়া লোকেই অস্তিত্বৰ সংকটত আছে। খিলঞ্জীয়া সকলৰ ৰাজনৈতিক অধিকাৰ অধিকাৰো বিদেশী তথা বহিৰাগতৰ অগ্ৰাসনৰ ফলত খৰ্ব হৈছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অসমৰ ভূমি আইন সংস্কাৰ কৰি বহিৰাগত সকলে অবাধে ভূমি ক্ৰয় কৰা প্ৰক্ৰিয়া ৰোধ কৰাৰ বাবে নতুন ভূমি আইন প্ৰৱৰ্তনৰ দাবী পূৰ্বৰে পৰা কৰি আহিছে। সম্প্ৰতি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এই দাবীৰ নায্যতা আৰু প্ৰাসংগিকতা অধিক আহি পৰিছে।
ইফালে আজি প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত কাৰ্যসূচী ৰূপায়ন কৰা সংশ্লিষ্ট জিলা কেইখনৰ আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰি অনতিবিলম্বে অসমত খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে বহিৰাগতক ভূমি ক্ৰয়ৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰি এখন কঠোৰ আইন প্ৰৱৰ্তন কৰাৰ দাবী জনাইছে যুৱ-ছাত্ৰ পৰিষদে। অন্যহাতে অসমৰ থলুৱা খিলঞ্জীয়া সকলৰ ভূমি সম্পত্তি আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ব্যৰ্থ হৈছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবল ভোটৰ অংকত খিলঞ্জীয়াৰ কথা কয়। দৰাচলতে চৰকাৰৰ খিলঞ্জীয়াৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ বিষয়টোত সদিচ্ছা থকা হেঁতেন অসমৰ ভূমি আইন সংস্কাৰ কৰাৰ লগতে জনজাতীয় ব্লক আৰু বেল্টত পুঁজিপতি বণিক গোষ্ঠীক অবাধে ভূমি আৱন্টন নিদিলে হেঁতেন। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যদিহে অসমৰ থলুৱা খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিব বিছাৰে তেতিয়াহলে ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচী কঠোৰভাৱে কাৰ্যকৰী কৰাৰ লগতে অনতিবিলম্বে অসমত নতুন ভূমি আইন প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰা উচিত বুলি পৰিষদৰ নেতাদ্বয়ে মন্তব্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us