ওদালগুৰিত যুৱ ছাত্ৰ পৰিষদৰ ধৰ্মঘট কাৰ্যসূচী

সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে ওদালগুৰিত জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে

author-image
Asomiya Pratidin
New Update
98

ডিজিটেল সংবাদ, ওদালগুৰি : সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে ওদালগুৰিত জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ওদালগুৰি ৰাজহুৱা দূৰ্গা পূজা মণ্ডপত দিনৰ ১১-০০ বজাৰ পৰা ৰূপায়ণ কৰা তিনিঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচীত হাতে হাতে প্লেকাৰ্ড লৈ 'কা' আইনৰ অধীনত অসম চৰকাৰে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহা অ-মুছলমান লোকৰ বিৰুদ্ধে থকা বিদেশী গোচৰ প্ৰত্যাহাৰ কৰি নাগৰিকত্ব প্রদান কৰিবলৈ দিয়া নির্দেশনা বাতিল কৰা, অসমত আন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা (ILP) প্রবর্তন কৰা আৰু খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা, এজেৱাইচিপি জিন্দাবাদ শ্লোগান প্ৰদান কৰে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত ওদালগুৰি জিলা জাতীয়তাবাদী যূৱ ছাত্ৰ পৰিষদৰ  সভাপতি নিলয় চলিহা, সাধাৰণ সম্পাদক পংকজ চহৰীয়া উপ-সভাপতি মণ্টু তালুকদাৰকে ধৰি অৰ্দ্ধশতাধিক প্ৰতিবাদকাৰী উপস্থিত থাকে।

udalguri অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ