ক্ষুদ্র চাহ খেতিয়ক, গাহৰি পালক আদিক ৰাজসাহায্য আৰু সুলভমূল্যত বিভিন্ন ৰাসায়নিক তথা দানা দিয়াৰ দাবী যুৱ-ছাত্ৰ পৰিষদৰ

আজি সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে কয় যে ক্ষুদ্র চাহ খেতিয়ক, গাহৰি, ব্ৰইলাৰ পালকসকলে অসমৰ গ্ৰাম্য অর্থনীতিটো টনকীয়াল কৰি আহিছে এয়া সর্বজনবিদিত।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ  অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উৎপাদিত চাহৰ পঁন্যতম সমর্থন মূল্য নির্ধাৰণ, চাহ খেতিয়ক, গাহৰি পালক, ব্ৰইলাৰ, গো-পালকসকলক ৰাজসাহায্য আৰু চাহ খেতিয়কক সুলভ মূল্যত ৰাসায়নিক সাৰ, কীটনাশক, অন্যান্য যাৱতীয় ঔষধ; তেনেদৰে গাহৰি পালকসকলক সুলভ মূল্যত দানা, ঔষধ আদি প্ৰদানৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।

আজি সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে কয় যে ক্ষুদ্র চাহ খেতিয়ক, গাহৰি, ব্ৰইলাৰ পালকসকলে অসমৰ গ্ৰাম্য অর্থনীতিটো টনকীয়াল কৰি আহিছে এয়া সর্বজনবিদিত। ক্ষুদ্র চাহ খেতি, গাহৰি, ব্ৰইলাৰ পালনেৰে কেইবা লাখ শিক্ষিত নিবনুৱাই চৰকাৰী চাকৰি বাকৰি নিবিচাৰি আত্মনিৰ্ভৰশীল হৈ লাখ লাখ পৰিয়াল এইসকলে পোহপাল দি আহিছে।

কিন্তু শেহতীয়াভাৱে অসমৰ ক্ষুদ্র চাহ খেতিয়কসকলে কেঁচা চাহপাতৰ প্ৰাপ্য পন্যতম মূল্য নোপোৱাত হাহাকাৰ সৃষ্টি হৈছে। তেনেদৰে আফ্রিকান ছোৱাইন ফ্লোৰ বাবে গাহৰি পালকসকলে লাওলোৱা হৈছে। তদ্রুপ ব্ৰইলাৰ, গো-পালকসকলেও নানা সমস্যাৰ সম্মুখীন হ'বলগা হৈছে। কিন্তু অতি দুর্ভাগ্যজনক বিষয় যে চাহ খেতি, গাহৰি পালন বা অন্য পশুপালনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ অসমৰ গ্ৰাম্য অর্থনীতিত বৰঙণি যোগোৱা এইসকল কৃষক বা পশুপালকৰ সমস্যা সন্দৰ্ভত ৰাজ্য চৰকাৰ সম্পূৰ্ণ উদাসীন।

সেয়েহে নিবনুৱা হৈ চৰকাৰক সংস্থাপন বিচাৰি হাহাকাৰ নকৰা অথবা চৰকাৰৰ বাবে বোজা নোহোৱা এই চাহ খেতিয়ক, গাহৰি পালক আৰু অনান্য পশুপালকসকলক ৰাজসাহায্য আৰু তেওঁলোকৰ উৎপাদনৰ বাবে ব্যৱহাৰ হোৱা সকলো সামগ্রী সুলভ মূল্যত প্ৰদানৰ বাবে চৰকাৰক দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।

আজি সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত পৰিষদৰ নেতাগৰাকীয়ে লগতে কয় যে অসমীয়াৰ হাতত বৃহৎ বৃহৎ চাহ বাগিছা নাই, সৰু সৰু চাহ বাগিছাহে অসমীয়াৰ। চৰকাৰী হিচাপত পঁচিশ বিঘাৰ তলৰ বাগিছাৰ হিচাপটো ক্ষুদ্র চাহ খেতিয়কৰ গণ্ডীত নপৰে। সংগঠিত বা অসংগঠিত ক্ষুদ্র চাহ খেতিয়কসকলৰ অৱস্থাটো এতিয়া তথৈবচ।

কেঁচা পাতৰ উৎপাদন বেয়া, বহু ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সততে বিভিন্ন ঔষধ প্রয়োগ কৰিব লাগে, পোক-পৰুৱাৰ পৰা পৰিত্ৰাণৰ বাবে ব্যৱহাৰ কৰা কীটনাশক অত্যন্ত ব্যয়বহুল। কেঁচা চাহপাত তুলি বিক্ৰী কৰালৈকে প্রতি কিলোগ্রাম কেঁচাপাতৰ উৎপাদন ব্যয় পৰেগৈ দহ টকাৰ ওপৰত। কিন্তু সম্প্রতি কেঁচা চাহ পাতৰ দাম ১২ টকাৰ পৰা ১৩ টকাৰ ভিতৰত।

এনে সংকটৰ সময়ত ৰাজ্য চৰকাৰ আৰু চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহ কিন্তু নির্বিকাৰ। চৰকাৰৰ বিয়াগোম বিভাগসমূহে অসমত চাহৰ উৎপাদন বৃদ্ধি, ৰোগ নিৰাময় আদিৰ ওপৰত কোনো গৱেষণা কৰাও পৰিলক্ষিত হোৱা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত ক্ষুদ্র চাহ খেতিয়কসকলে নিজৰ চাহ বাগিছাসমূহ লৈ বিপদতহে পৰিছে।

ইফালে ক্ষুদ্র চাহ খেতিয়ক তথা অসমৰ ৰাইজে কেঁচা চাহ পাতৰ পঁন্যতম সমর্থন মূল্য নির্ধাৰণ কৰিবলৈ চৰকাৰক বাৰম্বাৰ দাবী জনাই অহা স্বত্বেও চৰকাৰে বিষয়টোত কোনো গুৰুত্ব প্রদান কৰা নাই। তদুপৰি অসমৰ মেট টি উৎপাদনকাৰীসকলেও অনিয়ন্ত্রিত উৎপাদিত চাহৰ 'মেট টি' বজাৰখনত চাহৰ উপযুক্ত মূল্য লাভ নকৰাৰ অভিযোগ উত্থাপন হোৱা দেখা যায়। অসমৰ উৎপাদিত চাহৰ 'মেট টি' বজাৰখন টাটা, হিন্দুস্থান লিভাৰ আদিৰ দৰে বহুজাতিক কোম্পানীয়ে ইচ্ছাকৃত নিয়ন্ত্ৰণত ৰাখি আহিছে।

 এক কথাত অসমৰ উৎপাদিত চাহৰ 'মেট টি' বজাৰখন উক্ত বহুজাতিক কোম্পানীসমূহে একছত্রীভাৱে 'মনপলি' চলাই আছে। ইয়াৰ ফলত অসমৰ থলুৱা বট লিফ ফেক্টৰীৰ উৎপাদক আৰু সৰু চাহ উদ্যোগীসকলে উৎপাদিত চাহ 'মেট টি'ৰ উচিত মূল্য নোপোৱাৰ বাবে এইসকলে কেঁচাপাতৰ উপযুক্ত মূল্য দিব নোৱাৰে। সেয়েহে চৰকাৰে অসমৰ পৰা উৎপাদন হোৱা চাহৰ 'মেট টি' বজাৰখনো নিয়ন্ত্রণ কৰাৰ প্ৰয়োজন আছে বুলি পৰিষদৰ নেতাগৰাকীয়ে মন্তব্য কৰে।

ইফালে গাহৰি পালনৰ জৰিয়তে অসমৰ বহু যুৱক-যুৱতী আত্মনিৰ্ভৰশীল হোৱাৰ সময়ত আফ্রিকান স্বোৱেইন ফ্লুৰ বাবে সম্প্ৰতি অসমৰ গাহৰি পালকসকলৰ অৱস্থা শোচনীয়। হাজাৰ হাজাৰ গাহৰি মৰিছে, গাঁত খান্দি পুঁতি পেলোৱাৰ বাদে উপায় নোহোৱা হৈছে। বিভাগীয় কর্তৃপক্ষই বেমাৰী গাহৰি চিনাক্ত কৰি সেই গাহৰি মাৰি পুঁতি দিয়াতে নিজৰ দায়িত্ব সামৰিছে। বহু গাহৰি পালক এতিয়া দেউলীয়া। গৱেষণা নাই, উন্নয়ন প্রকল্প নাই।

কিমান ক্ষতি হৈছে গাহৰি পালকৰ, তাৰ হিচাপ নাই। পশুপালন বিভাগ সম্পূর্ণ উদাসীন। গাহৰি পালনৰ দৰে লাভজনক ক্ষেত্ৰখন পুনৰুদ্ধাৰ আৰু শক্তিশালী কৰাৰ বাবে কোনো পৰিকল্পনা চৰকাৰ, পশুপালন বিভাগ বা বিভাগীয় কর্তৃপক্ষই কৰা নাই। উল্লেখযোগ্য যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্রয়োজন হোৱা গাহৰিৰ ৭০ শতাংশই বহিঃৰাজ্যৰ পৰা আমদানিকৃত। বিভিন্ন বেমাৰ বহনকাৰী চালানী গাহৰিৰ বজাৰখনৰ ওপৰতো ৰাজ্য চৰকাৰৰ কোনো নিয়ন্ত্রণ নাই।

 থলুৱা গাহৰি পালকসকলৰ গাহৰি উৎপাদনৰ হাৰ হ্ৰাস হোৱাৰ সুযোগত আমদানিকৃত গাহৰিয়ে চানি ধৰিছে অসমৰ বজাৰ। তাৎপর্যপূর্ণ বিষয় যে বিভিন্ন উৎসৰ পৰা ঋণ লৈ গাহৰি পালন কৰা ৰাজ্যখনৰ হাজাৰ হাজাৰ গাহৰি পালক এতিয়া ঋণগ্রস্থ দেউলীয়া। বহু পালকে এতিয়া পেটৰ তাড়নাত বহিঃৰাজ্যলৈ কামৰ তাগিদাত গুচি যাবলগা হৈছে। তেনেদৰে ব্ৰইলাৰ মূৰ্গীৰ বৃহৎ বজাৰখন অসমীয়াৰ হাতত নাই।

বহিৰাগতৰ নিয়ন্ত্ৰণত সম্পূৰ্ণ বজাৰ। গতিকে থলুৱা মুর্গী পামসমূহ এসময়ত অসমীয়া যুৱকৰ বাবে আশাৰ থলী আছিল, এতিয়া কনট্রেক্ট ফামিঙৰ কবলত সম্পূৰ্ণ বজাৰখন। কোনোবাই সাহস কৰি নিজাকৈ ফার্ম কৰিলেই বিপদ অনিবার্য্য। সেয়েহে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অসমৰ ক্ষুদ্র চাহ খেতিয়ক, থলুৱা গাহৰি পালক আৰু পশু পালকসকলক অনতিবিলম্বে ৰাজসাহায্য, চাহ খেতিয়কসকলক চাহৰ পঁন্যতম সমর্থন মূল্য নির্ধাৰণ কৰা, ৰাসায়নিক সাৰ, কীটনাশক, অন্যান্য যাৱতীয় ঔষধ, গাহৰি আৰু পশুপালকসকলক সুলভ মূল্যত দানা, অন্যান্য যাৱতীয় ঔষধ আদি সুলভ মূল্যত প্রদান কৰাৰ বাবে দাবী জনাইছে। অসমৰ থলুৱা গ্রাম্য অর্থনীতি আৰু নিবনুৱা সমস্যা হ্রাস কৰাৰ স্বাৰ্থত চৰকাৰে এই পদক্ষেপসমূহ গ্রহণ কৰাৰ বাহিৰে গত্যন্তৰ নাই বুলি যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে মন্তব্য কৰে।

পলাশ চাংমাই