/asomiyapratidin/media/media_files/2026/02/10/ujjjdd-2026-02-10-12-06-11.jpg)
ডিজিটেল ডেস্কঃ জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য সুচাৰুৰূপে চলাবলৈ যোৱা ৯ফেব্ৰুৱাৰী, ২০২৬ত প্ৰশাসনে তাত থকা সকলো দোকান উঠাই দিয়ে প্ৰশাসনে। নিৰ্মাণ কাৰ্যৰ খাতিৰত সকলো লোকে প্ৰশাসনৰ এই নিৰ্দেশনা মানি ত্যাগ কৰে উক্ত স্থান। প্ৰশাসনৰ নিৰ্দেশনা মানিয়ে বিগত প্ৰায় ৬মাহ ধৰি জুবিন ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিনামূলীয়া চাহৰ বিপনীখনো বন্ধ কৰাৰ ঘোষণা কৰে কেন্দ্ৰীয় নেতৃত্বই।
উল্লেখ কৰা প্ৰয়োজন যে, বিগত প্ৰায় ৬মাহ ধৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জুবিন ক্ষেত্ৰলৈ অহা প্ৰতিগৰাকী লোকক বিনামূলীয়া চাহ যোগান ধৰিছিল। বিগত সময়চোৱাত প্ৰায় ৪লক্ষাধিক লোকক এই বিনামূলীয়া চাহ বিতৰণ কৰিছিল সংগঠনটোৱে।
শেহতীয়াকৈ এই বিপনীখন বন্ধ কৰাৰ কথা ঘোষণা কৰি সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই এক প্ৰেছ বিবৃতি জাৰি কৰিছে। তাত উল্লেখ কৰিছে যে এনেদৰে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দ্বাৰা অসমীয়া ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ পাছৰ পৰাই জুবিন ক্ষেত্ৰত দৰ্শনাৰ্থীৰ সুবিধাৰ্থে আৰম্ভ কৰা চাহৰ বিপনী খনে চাওঁতে চাওঁতে অক্টোবৰ মাহৰ শেষাৰ্ধৰ পৰা ফেব্ৰুৱাৰী মাহৰ মধ্যভাগত আহি উপস্থিত হৈছোহি আৰু পৰিষদে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু শেহতীয়াকৈ জুবিন ক্ষেত্ৰ সম্পূৰ্ণৰূপে নিৰ্মাণৰ উদ্দেশ্যে প্ৰশাসনে জাৰি কৰা নিৰ্দেশ তথা কাৰিকৰী কাম-কাজ ক্ষীপ্ৰতৰ ৰূপত হৈ উঠাৰ প্ৰতি লক্ষ্য ৰাখি অনিচ্ছা সত্ত্বেও বিনামূলীয়া চাহৰ বিপনীখন আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
বিগত দিনকেইটাৰ ৰাইজৰ সহায়-সহযোগৰ বাবে সংগঠনটোৰ নেতৃত্বই ধন্যবাদ জ্ঞাপন কৰে সকলোকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us