যুৱ ছাত্ৰ পৰিষদৰ নেতাক সাংবাদিকৰ হত্যাৰ ভাবুকিঃ ঘিলামৰা থানাত গোচৰ…

যুৱ ছাত্ৰ পৰিষদৰ নেতাক সাংবাদিকৰ হত্যাৰ ভাবুকিঃ ঘিলামৰা থানাত গোচৰ…

author-image
asomiyapratidin
New Update
যুৱ ছাত্ৰ পৰিষদৰ নেতাক সাংবাদিকৰ  হত্যাৰ ভাবুকিঃ ঘিলামৰা থানাত গোচৰ…

ডিজিটেল সংবাদ, ঢকুৱাখনা:  অসহিষ্ণুতা আৰু অসহণশীলতাৰ কৰাল গ্ৰাসত এইবাৰ নিমৰ্জিত হৈছে  গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অন্যতম ধ্বজাবাহক সংবাদসেৱী।  বৃত্তিগত সামাজিক দায়বদ্ধতাক পদপিষ্ট কৰি এইবাৰ  নিজকে সাংবাদিক বুলি পৰিচয় দিয়া এজন ব্যক্তিয়ে  জাতীয় ছাত্ৰ সংগঠনৰ এগৰাকী নেতাক ভয়, ভাবুকি দিয়াই নহয়  দাৰে কাটি হত্যা কৰাৰো  চৰম  ভাবুকি প্ৰদান কৰাৰ তথ্য পোহৰলৈ আহিছে। 

Advertisment

"অসমীয়া প্ৰতিদিন"ক  বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ঘিলামৰা আঞ্চলিক সমিতিৰ সভাপতি দিপাংকৰ হাজৰিকাই  জনোৱামতে  নিজকে জিতু দত্ত বুলি চিনাকি দিয়া এজন উদণ্ড ব্যক্তিয়ে বুধবাৰে দুপৰীয়া প্ৰায় ১১মান বজাত ৯৫৭৭৩১০৩১০ নম্বৰৰ পৰা  ফোন কৰি  নানা অশ্ৰাব্য গালি গালাজ দি তিৰস্কাৰ কৰাৰ লগতে  সুযোগ বুজি চোকা অস্ত্ৰৰে কাটি হত্যা কৰাৰ চৰম ভাবুকি দিছে । 

যোৱা ৩০ আগষ্টত ঘিলামৰাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ পৰা  নিশা চাউল চুৰিৰ অভিযোগত অভিযুক্তহৈ কাৰাগাৰত দিন কটোৱা ভাতৃৰ ঘটনাৰ সম্পৰ্কত  প্ৰশ্ন উত্থাপন কৰি  উন্নাসিক সাংবাদিকজনে এই সকীয়নী দিয়া বুলি  ছাত্ৰনেতা গৰাকীয়ে জানিবলৈ দিছে সংবাদ মাধ্যমক। তাৰোপৰি  ছাত্ৰনেতা  হাজৰিকাই  শিক্ষানুষ্ঠানখনৰ  দুগৰাকী  নমস্য শিক্ষাগুৰু আৰু সদৌ অসম ছাত্ৰ সন্থাৰ  লখিমপুৰ জিলা  সমিতিৰ এগৰাকী বিষয়ববীয়াক উদ্দেশ্যি  সন্মানহানিকৰ অভিযোগ  উত্থাপন কৰা বুলি জনালে।

সাংবাদিকৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ  এগৰাকী  জাতিয় সংগঠনৰ নেতাক কৰা এনে  অশালীন আৰু  নিৰ্লজ আচৰণ সন্দৰ্ভত হাজৰিকাই ঘিলামৰা থানাত এক গোচৰ ৰুজু কৰিছে ।   উল্লেখযোগ্য যে  এজাহাৰখনত  গোচৰিয়া হাজৰিকাই সাংবাদিক গৰাকী ঢকুৱাখনা  থানাৰ অন্তৰ্গত ভগামুখ গাঁওৰ বিদ্যা দত্তৰ পুত্ৰ বুলি উল্লেখ কৰিছে ।  ঘিলামৰা আৰক্ষীয়ে শীঘ্ৰে  তদন্ত কৰি  উন্নাসিক সাংবাদিক গৰাকীৰ ওপৰত  আইন সংগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ  ঘিলামৰা আঞ্চলিক সমিতিয়ে।