/asomiyapratidin/media/media_files/2025/11/18/1-2025-11-18-09-23-41.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে তেওঁৰ জন্মদিনৰ দিনাই এক বিশেষ কাৰ্য়সূচী গ্ৰহণ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত আজি মটৰ চাইকেল সমদলৰ কাৰ্যসূচী গ্ৰহণ কৰা হব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আজি পুৱা ১১ বজাত মহানগৰীৰ খানাপাৰাৰ পৰা সোণাপুৰ মেধিকুছিলৈ এই মটৰ চাইকেল সমদলৰ আয়োজন কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us