২৫টা জাতি- জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰে যুৱ-ছাত্ৰ পৰিষদৰ আলোচনা সভা

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা তথা সাম্প্ৰতিক জনগোষ্ঠীয় কাৰ্যপ্ৰণালীত পাৰস্পৰিক সহযোগিতা সন্দৰ্ভত এখন যৌথ আলোচনা সভা পৰিষদৰ চান্দমাৰীস্থিত কাৰ্যালয়ত অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
47

ডিজিটেল সংবাদ, গুৱাহাটী : দেওবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু অসমৰ সমূহ জাতি জনগোষ্ঠীৰ সংগঠনৰ নেতৃবৃন্দৰ মাজত অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা তথা সাম্প্ৰতিক জনগোষ্ঠীয় কাৰ্যপ্ৰণালীত পাৰস্পৰিক সহযোগিতা সন্দৰ্ভত এখন যৌথ আলোচনা সভা পৰিষদৰ চান্দমাৰীস্থিত কাৰ্যালয়ত অনুষ্ঠিত হয়।

পৰিষদৰ সভাপতি পলাশ চাংমাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিষদৰ সাধাৰণ সম্পাদক বিজন বায়নে । এক সংবাদ মেল সম্বোধন কৰি নেতাদ্বয়ে কয় যে সাম্প্ৰতিক সময়ত জাতি জনগোষ্ঠীৰ একতা তথা ভাতৃত্ববোধৰ প্ৰতি পাৰস্পৰিক সহযোগিতা আৰু অধিক গাঢ় হ'ব লাগিব।

WhatsApp Image 2025-10-26 at 4.49.28 PM

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাত জাতি - জনগোষ্ঠীসমূহৰ সহযোগিতা, খিলঞ্জীয়া ৰাইজৰ ভূমিৰ অধিকাৰ তথা সংৰক্ষণ, এন এই পি চিয়ে শেহতীয়াকৈ কমিছন কৰিবলৈ ওলোৱা বৃহৎ নদী বান্ধৰ আন্দোলন তীব্ৰতৰ কৰাৰ উপৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সমগ্ৰ অসমজুৰি নগৰে-চহৰে ৰাইজক একত্ৰিত কৰিবলৈ পদক্ষেপ গ্ৰহণ আৰু পাৰস্পৰিক সহযোগিতা সন্দৰ্ভত বাখ্যা আগবঢ়ায়।

আলোচনা সভাত অসমত বসবাস কৰা প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মৌলিক সমস্যাসমূহ সমাধানৰ দাবীত বহুমুখী ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কৰাৰ উপৰিও অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু ৰহস্য আৱৰ্তত সোমাই পৰা পৰিপ্ৰেক্ষিতত শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বিচাৰি সকলো জাতি জনগোষ্ঠীয় স‍ংগঠনৰ যৌথ উদ্যোগত গুৱাহাটীত অহা ৪ নৱেম্বৰত এক গণ প্ৰতিবাদী পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াৰ লগতে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ কোনো কাৰণতে যাতে বহিৰাগত অথবা সন্দেহজনক নাগৰিকৰ হাতলৈ যাব নোৱাৰে এই ক্ষেত্ৰত শেহতীয়াকৈ বৰপেটা আৰু বৰদোৱা সত্ৰৰ পাচঁ কিলোমিটাৰ ব্যাসাৰ্ধত অসমত ক্ৰমাগত তিনিটা প্ৰজন্ম ধৰি বসবাস কৰা লোকৰ মাজত মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ চৰকাৰী নীতি সমগ্ৰ অসমজুৰি প্ৰযোজ্য কৰাৰ দাবী জনায় প্ৰস্তাৱ গ্ৰহণ কৰে।

WhatsApp Image 2025-10-26 at 4.49.29 PM (1)

শেষত আলোচনা সভাই বৃহৎ নদী বান্ধে নামনি অংশত বিভীষিকা সৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি নামনি অংশত বসবাস কৰা ৰাইজৰ জীৱন সম্পত্তি ৰক্ষাৰ দাবীত যৌথ সংগ্ৰামৰ পোষকতা কৰে বুলি এক বিবৃতি যোগে জনাইছে। উল্লেখ্য যে আগন্তুক ৭ নৱেম্বৰ তাৰিখে গোগামুখত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱৰোধ কাৰ্যসূচীত সকলো সংগঠনে সহযোগিতা কৰিব।

লগতে প্ৰতিটো দল সংগঠনে আন্ত: ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা প্ৰসংগত নিজ নিজ কৰ্মসূচীত স্থান দি খিলঞ্জীয়া ৰাইজক সুৰক্ষা প্ৰদান কৰাৰ পদক্ষেপ হাতত ল'ব বুলি মত পোষণ কৰে। লগতে এই সংগ্ৰামখন আগুৱাই নিবলৈ উমৈহতীয়াভাৱে জাতীয় জনগোষ্ঠীয় যৌথমঞ্চ এখন গঠনৰো প্ৰস্তাৱ গ্ৰহণ কৰে। 

য'ত অসমৰ জাতি জনগোষ্ঠীয় সংগঠনৰ ৬জন নেতৃত্বক অন্যান্য দল সংগঠনক যোগাযোগ কৰিবলৈ দায়িত্ব অৰ্পন কৰে।
উক্ত আলোচনা সভাখনত অংশগ্ৰহণ কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ আৰু সম্পাদক জ্যোতি প্ৰসাদ ৰাজখোৱা ,সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথ, টাই আহোম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়াই।

WhatsApp Image 2025-10-26 at 4.49.29 PM

একেদৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি চেনিৰাম মালাং , নিখিল বড়ো ছাত্ৰ সন্থা উপ সভাপতি উমেশ দৈমাৰী,নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বাকচক, সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ সভাপতি দিপাংকৰ হেমৰম। সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ সহকাৰী  সাধাৰণ সম্পাদক দেৱজিৎ বৰুৱা,সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল কুমাৰ ছেত্ৰী,সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা,সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়কান্ত মৰাণ।

তাৰোপৰি কলিতা জনগোষ্ঠীয় সন্মিলনৰ সভাপতি ড°সোণেশ্বৰ কলিতা আৰু সাধাৰণ সম্পাদক চিত্তৰঞ্জন ডেকা,অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উপ সভাপতি অনিত গৌড় ,আদিবাসী ছাত্ৰ সন্থাৰ সম্পাদক নাৰায়ণ নাগ, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক আৰিফ উদ্দিন আহমেদ  উপদেষ্টা মুন ঠাকুৰীয়া সহিতে ২৫টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দই।

সভাৰ প্ৰাৰম্ভতে অসমীয়া ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোক প্ৰস্তাৱ গ্ৰহণ কৰাৰ উপৰিও প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলনৰে প্ৰতিটো জাতি জনগোষ্ঠীৰ নেতাসকলে তেখেতক স্মৰণ কৰি শ্ৰদ্ধাৰ্ঘ্য অৰ্পন কৰে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ