/asomiyapratidin/media/media_files/2025/10/13/1-2025-10-13-16-43-30.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছত সমগ্ৰ অসমবাসীয়ে ন্যায়ৰ আপেক্ষাত অধীৰ আগ্ৰহৰে বাট চাই আছে। মৰমৰ শিল্পী গৰাকীৰ ন্যায়ৰ বিষয়টো লৈ সম্প্ৰতি ৰাজনীতি হোৱা পৰিলক্ষিত হৈছে।
এনে সময়তে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে পৰিষদৰ একালৰ সদস্য তথা জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ১৭ অক্টোবৰৰ পৰা যুৱ-ছাত্ৰ পৰিষদে অসমৰ সকলো জিলাতে যান বাহনত জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক শীৰ্ষক শ্লোগান আৰু শিল্পী গৰাকীৰ ফটো সম্বলিত ১০ লাখ ষ্টিকাৰ লগাই প্ৰচাৰ কৰিব।
তেনেদৰে ১৯ অক্টোৱৰ তাৰিখে অৰ্থাৎ জনপ্ৰিয় শিল্পী গৰাকীৰ মৃত্যুৰ এমহীয়াৰ দিনা ৰাজ্যজুৰি দিনজোৰা অনশন কাৰ্যসূচী ঘোষণা কৰিছে যুৱ-ছাত্ৰ পৰিষদে । আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ বিজন বায়নে কয় যে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছত ৰাজ্য চৰকাৰে সমগ্ৰ বিষয়টো তদন্ত কৰাৰ বাবে এছ আইটি আৰু চি আই ডিক দায়িত্ব অৰ্পণ কৰিছে।
চিআইডি আৰু এছআইটিয়ে তদন্ত অব্যাহত ৰাখিছে যদিও তদন্তৰ বিভিন্ন বিষয় ৰাজহুৱা হোৱা দেখা গৈছে। তেনেদৰে জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো লৈ ৰাজ্যত এতিয়া বিভিন্ন পক্ষই ৰাজনীতি কৰা দৃষ্টি গোচৰ হৈছে। শাসকীয় দলৰ একাংশ নেতাৰ লগতে স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়েও বিষয়টো লৈ পাকে প্ৰকাৰে ৰাজনীতি কৰা দেখা গৈছে।
এনে পৰিপ্ৰেক্ষিতত মৰমৰ শিল্পী জুবিন গাৰ্গে যে ন্যায় পাব সেয়া সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। এয়া অত্যন্ত দুৰ্ভাগ্যজনক আৰু প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতি কৰা চৰম অন্যায়। মৰমৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই ২৫ দিন অতিক্ৰম কৰিলে। প্ৰয়াত শিল্পী গৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা তদন্ত কৰিবলৈ দায়িত্ব দিয়া তদন্তকাৰী সংস্থা সমূহৰ কাম কাজতো অসমৰ ৰাইজ সম্পূৰ্ণৰূপে আশ্বস্ত হব পৰা নাই।
সেয়েহে মৰমৰ শিল্পী গৰাকীৰ ন্যায়ৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আজি কিছুমান কাৰ্যসূচী ঘোষণা কৰিছে। সেইমৰ্মে অহা ১৭ অক্টোবৰ তাৰিখৰ পৰা ৰাজ্যৰ প্ৰতিখন জিলাতে যান-বাহনত জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক শীৰ্ষক শ্লোগান আৰু শিল্পী গৰাকীৰ ফটো সম্বলিত ১০ লাখ ষ্টিকাৰ লগাই প্ৰচাৰ কৰিব।
তেনেদৰে জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱা দিনা অৰ্থাৎ অহা ১৯ অক্টোৱৰ তাৰিখে অসমৰ প্ৰতিখন জিলাৰ সদৰত পৰিষদৰ সংশ্লিষ্ট জিলা সমিতিৰ উদ্যোগত দিনজোৰা অনশন কাৰ্যসূচী ৰূপায়ন কৰিব। সন্ধিয়া মৰমৰ শিল্পী গৰাকীক বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনশন কাৰ্যসূচীৰ অন্ত পৰিব।
সেইদিনাই অনশন কাৰ্যসূচীৰ পিছত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শাখা স্তৰৰ পৰা কেন্দ্ৰীয় সমিতিলৈ প্ৰতিজন সদস্যই নিজৰ নিজৰ ঘৰত প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰি তাৰ ফটো তুলি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক বা জাষ্টিচ ফৰ জুবিন গাৰ্গ শ্লোগানেৰে সামাজিক মাধ্যমত প্ৰচাৰ কৰিব।
উল্লেখযোগ্য যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই তেখেতৰ মৃত্যুৰ ঘটনা স্বাভাৱিক নহয়, এই ঘটনা ৰহস্যজনক বুলি মত প্ৰকাশ কৰি সমগ্ৰ বিষয়টোৰ তদন্তৰ দাবী উত্থাপন কৰি আহিছে। ইফালে আজি পৰিষদৰ নেতাদ্বয়ে স্পষ্ট ভাষাৰে কয় যে মৰমৰ শিল্পী জুবিন গাৰ্গ কেৱল এগৰাকী বিশ্বমানৰ শিল্পীয়েই নহয়, জুবিন গাৰ্গ অসমৰ ৰাইজৰ মন মানসিকতাত নিগাজীকৈ থিতাপি লোৱা এক মহাসত্বা।
ইয়াৰ লগে লগে তেখেত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থ । সেয়েহে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰাজনীতি যুৱ-ছাত্ৰ পৰিষদে সহ্য নকৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ৰহস্য উদ্ঘাটন হবই লাগিব,জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত সকলো পক্ষকে ৰাজনীতি কৰাৰ পৰা বিৰত থাকিবলৈ যুৱ-ছাত্ৰ পৰিষদে সকিয়াই দিয়ে। যিকোনো শক্তিয়ে তেনে কাৰ্যত লিপ্ত হলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে তেন শক্তিক নিজাববীয়াকৈ প্ৰতিৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব।