উজনি সোৱণশিৰিৰ দৰে নামনি সোৱণশিৰি নদীবান্ধো বন্ধ কৰকঃ যুৱ-ছাত্ৰ পৰিষদ

গেৰুকামুখত নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ ওপৰ অংশত সোৱণশিৰি নদীৰ ওপৰত উজনি সোৱণশিৰি নামেৰে এক নদীবান্ধ নিৰ্মাণ কৰি আছিল এন এইচ পি চিয়ে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-14 at 10.05.36 PM (1)

ডিজিটেল সংবাদ,গুৱাহাটীঃ  গেৰুকামুখৰ নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ ওপৰ অঞ্চলত এন এইচ পি চিয়ে নিৰ্মাণ কৰি থকা উজনি সোৱণশিৰি নদীবান্ধ নিৰাপত্তাজনিত কাৰণত শেহতীয়াভাৱে এন এইচ পি চিয়ে বন্ধ কৰি দিয়াৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ।

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নে কয় যে, গেৰুকামুখত নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ ওপৰ অংশত সোৱণশিৰি নদীৰ ওপৰত উজনি সোৱণশিৰি নামেৰে এক নদীবান্ধ নিৰ্মাণ কৰি আছিল এন এইচ পি চিয়ে। 

উক্ত অঞ্চলৰ একাংশ লোকে উজনি সোৱণশিৰি নদীবান্ধটো সন্দৰ্ভত অভিযোগ উত্থাপন কৰাৰ লগতে বিশেষজ্ঞ সকলে উজনি সোৱণশিৰি নদীবান্ধ নিৰাপদ নহয় বুলি প্ৰতিবেদন দিয়াৰ লগে লগে এন এইচ পিচিয়ে উক্ত নদীবান্ধ টো বন্ধ কৰি দিছে।

কিন্তু অতি পৰিতাপৰ বিষয় যে গেৰুকামুখত নিৰ্মাণ কৰা নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সময়ৰে পৰা অসমৰ সকলো জাতীয় দল সংগঠন, সৰ্বস্তৰৰ অসমৰ ৰাইজে এই বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত ব্যাপক গণ আন্দোলন গঢ়ি তুলিছিল। 

কংগ্ৰেছ চৰকাৰৰ দিনত আৰম্ভ কৰা এই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আনকি সেইসময়ত বিজেপিয়ে সক্ৰিয়ভাৱে আন্দোলন কৰিছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে শাসনৰ বাঘজৰী হাতত লৈ বিজেপি চৰকাৰে ইউটাৰ্ন মাৰি বৃহৎ নদীবান্ধৰ কেৱল সপক্ষত অৱস্থান কৰাই নহয়,বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে কৰা সকলো আন্দোলন অতি কঠোৰভাৱে দমন কৰিছে।

উল্লেখযোগ্য যে, গেৰুকামুখৰ নামনি সোৱণশিৰি বৃহৎ নদীবান্ধটো ভূকম্পন সংবেদনশীল এলেকা আৰু অৰুণাচলৰ ঠুনুকা পাহাৰত নিৰ্মাণ কৰাৰ বাবে নদীবান্ধৰ নামনি অংশত মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাই বুলি বিশেষজ্ঞ সকলে মতপোষণ কৰিছিল।

 আনকি পৰিবেশবিদ, ভূ-বিজ্ঞানী, আদিৰে চৰকাৰৰ দ্বাৰা গঠিত বিশেষজ্ঞ সমিতিয়েও নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ মুঠেও নিৰাপদ নহয় বুলি মতপোষণ কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে চৰকাৰে চক্ৰান্তমূলকভাৱে উক্ত বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰা নাছিল।

অসমৰ নদীবান্ধ বিৰোধী ৰাইজক চৰকাৰে ভয় ভাবুকি আৰু দমন মূলক নীতিৰে বৰ্তমান নামনি সোৱণশিৰি নদীবান্ধ নিৰ্মাণ সম্পূৰ্ণ কৰিছে যদিও নিৰ্মাণৰ কামত অজস্ৰ আসোঁৱাহ থকা প্ৰকল্পটো সম্পূৰ্ণ উৎপাদনক্ষম হৈ উঠা নাই। ২০০০ মেগাৱাট উৎপাদনৰ লক্ষ্যৰে নিৰ্মাণ কৰা নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ ত্ৰুটিপূৰ্ণ নিৰ্মাণৰ বাবে বৰ্তমান মাত্ৰ ৬০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰাহে হৈছে।

অন্যহাতে নামনি সোৱণশিৰি নদীবান্ধ আসোঁৱাহপূৰ্ণ বুলি চৰকাৰেও সম্প্ৰতি স্বীকাৰ কৰিছে। কাৰণ বিগত সময়ত এই নদীবান্ধটোৰ শুভ উদ্বোধন কৰিবলৈ এন এইচ পি চিয়ে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক আমন্ত্ৰণ জনাইছিল। কিন্তু নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰাৰ পূৰ্বে আই বিৰ প্ৰতিবেদনত এই বান্ধ নিৰাপদ নোহোৱাৰ কথা উল্লেখ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মোডীয়ে উদ্বোধন কৰাৰ প্ৰস্তাৱ বাতিল কৰিছিল। 

ইফালে নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ নিৰ্মাণত নিৰ্মাণকাৰী প্ৰতিষ্ঠান এন এইচ পি চিয়ে নিৰ্মাণ কাৰ্য্য বিধি মতে নকৰা আৰু ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। অতি নিম্নমানৰ নিৰ্মাণ কাৰ্য কৰাৰ কাৰণে বিগত সময়ত সাধাৰণ বৰষুণতে গাৰ্ড ৱাল ভঙা, টানেল বন্ধ হোৱা বা টানেল ক্ষতি হোৱা আদি ঘটনা সংঘটিত হৈ আহিছে।

বৃহৎ নদীবান্ধ সম্পূৰ্ণ কাৰ্যক্ষম হোৱাৰ পিছত নদীবান্ধৰ এৰি দিয়া পানীৰ প্ৰলয়ত কেনে পৰিৱেশ সৃষ্টি হ'ব পাৰে, সেয়া ইতিমধ্যে উৎপাদন আৰম্ভ হোৱা সৰু সৰু নদীবান্ধে চলিত বর্ষটো সৃষ্টি কৰা বিভীষিকাৰ জৰিয়তেই স্পষ্ট হৈ পৰিছিল। নামনি সোৱণশিৰিৰ দৰে এটা বৃহৎ প্ৰকল্প সম্পূৰ্ণ কাৰ্যক্ষম হ'লে কি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া কল্পনাৰো অগোচৰ।

পৰিষদৰ নেতাদ্বয়ে বিবৃতিটোত লগতে কয় যে, যদিহে অৰুণাচলৰ কেইজনমান লোকৰ প্ৰতিবাদত আৰু এন এইচ পি চিৰ কৰ্মচাৰীৰ নিৰাপত্তাৰ স্বাৰ্থত উজনি সোৱণশিৰি নদীবান্ধ বন্ধ হব পাৰে তেনেহ'লে গেৰুকামুখৰ ২০০০ মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ নামনি অংশৰ উত্তৰ পাৰৰ কোটি কোটি মানুহৰ জীৱন, সম্পত্তি, জৈৱবৈচিত্ৰৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰা নামনি সোঁৱণশিৰি বৃহৎ নদীবান্ধ কিয় বন্ধ কৰিব নোৱাৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ স্পষ্ট কথা আসোঁৱাহপূৰ্ণ নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ বন্ধ কৰিবই লাগিব।

এন এইচ পি চি