ডিজিটেল সংবাদ , বেবেজীয়াঃ জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ দ্বাবিংশতিতম দ্বি - বাৰ্ষিক অধিৱেশন আগন্তুক বৰ্ষৰ ২,৩ আৰু ৪ জানুৱাৰীত অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে। পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়া আৰু সাধাৰণ সম্পাদক দেৱাৰ্শীষ দাসে এক বিবৃতি যোগে জানিবলৈ দিয়ে যে ২ জানুৱাৰী পুৱা সামূহিক চাফাইৰে অধিৱেশনৰ শুভাৰম্ভ হ’ব।
ইয়াৰ পিছতে অধিৱেশনৰ মূল তোৰণ মুকলি কৰিব দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা অনিতা লস্কৰে। পুৱা দহ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা অসম বুৰঞ্জী বিষয়ক মুকলি কুইজ প্ৰতিযোগিতা উদ্ধোধন কৰিব এ ডি পি কলেজৰ অধ্যক্ষ ড : সদানন্দ পায়েঙে। ৰক্ত দান শিবিৰ মুকলি কৰিব নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা :ভূপেন বৰাই।
৩ জানুৱাৰীৰ পুৱা পতাকা উত্তোলন কৰিব জিলা সভাপতি প্ৰাগজ্যোতিষ বণিয়াই। ইয়াৰ পিছতে শ্বহীদ তৰ্পন অনুষ্ঠান মুকলি কৰিব জিলা সাধাৰণ সম্পাদক দেৱাৰ্শীষ দাসে । স্মৃতি তৰ্পন অনুষ্ঠান মুকলি কৰিব অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি লৱকান্ত শৰ্মা ,কাৰ্যকৰী সভাপতি প্ৰতাপ সিংহই । লগতে সতীৰ্থ স্মৰণ মুকলি কৰিব পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দীপমণি বড়া ,প্ৰচাৰ সম্পাদক দিগন্ত দাস আৰু কাৰ্যনিৰ্বাহক সদস্য গীতাৰ্থ শইকীয়াই।
সন্ধিয়া অনুষ্ঠিত হ’ব লগা সংগীতানুষ্ঠান আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান উদ্ধোধন কৰিব ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে।
৪ জানুৱাৰীত পুৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰিব পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই। বিশিষ্ট অতিথি হিচাপে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ,নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই অংশগ্ৰহণ কৰিব। বিয়লি ৩ বজাৰ পৰা জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়াৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা মুকলি সভা উদ্ধোধন কৰিব পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাইয়ে। পৰিষদৰ দৃষ্টিভংগী ব্যাখ্যা কৰিব সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাইয়ে। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া , বিশিষ্ট অতিথি হিচাপে পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই।
নিশা বিশেষ সম্বৰ্ধনা অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। বিশিষ্ট বাহীবাদক দীপক শৰ্মা আৰু সাহিত্যিক শৰ্মিষ্ঠা প্ৰীতমক সম্বৰ্ধনা জনোৱা হ’ব। সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হ’ব প্ৰাণদ্বীপ হাজৰিকা।
অধিৱেশন সফল কৰিবৰ বাবে লৱকান্ত শৰ্মাক সভাপতি, প্ৰতাপ সিংহক কাৰ্যকৰী সভাপতি,ক্ষীতিশ দাস আৰু নৱজ্যোতি বৰাক সম্পাদক হিচাপে লৈ এখন আদৰণি সমিতি গঠন কৰা হৈছে। পৰিষদৰ দক্ষিণপাট আঞ্চলিক সমিতিৰ সভাপতি ইজমত মৰীয়া আৰু সাধাৰণ সম্পাদক প্ৰণৱ শইকীয়াই অধিৱেশন সফল কৰি তোলাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰিছে।