বিজেপি নেতৃত্বৰ বিৰুদ্ধে অসম আৰক্ষীক নিজাববীয়া গোচৰ ৰুজু কৰাৰ আহ্বান অজাপৰ

যি সময়ত ৰাজ্যৰ নাগৰিকসকলে শান্তি আৰু সমৃদ্ধি বিচাৰি আছে, তেনে সময়ত বিজেপিয়ে অসমত হত্যা-হিংসাৰে জংঘলৰাজ প্ৰতিষ্ঠাৰ ইংগিত সম্বলিত বাৰ্তা দি আছে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-09 at 8.55.26 PM

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিজেপি দলে সামাজিক মাধ্যমত আপলোড কৰা বিতৰ্কিত এটা ভিডিঅ কিছু সময়ৰ ভিতৰতে ডিলিট কৰা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে। উক্ত ভিডিঅ'টোৰে বিজেপিয়ে অসমত স্পষ্টকৈ সাম্প্ৰদায়িক হিংসাৰ বাবে উচটনি দিয়া বুলি দলটোৱে অভিযোগ উত্থাপন কৰে। 

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই সদৰী কৰে যে, বিজেপি দলৰ অসম ৰাজ্যিক সমিতিৰ ফেচবুক আৰু টুইটাৰ মঞ্চত আপলোড কৰি কিছু সময়ৰ ভিতৰতে ডিলিট কৰি দিয়া উক্ত ভিডিঅ'টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বন্দুকৰ পৰা ওলোৱা গুলীয়ে নিৰ্দিষ্ট কিছু সংখ্যক লোকক হত্যাৰ উদ্দেশ্যে টাৰ্গেট কৰা দেখুৱাই তাৰ সৈতে 'পইন্ট ব্লেংক শ্বট' বুলি লিখি দিয়া হৈছিল। ইয়াৰ দ্বাৰা বিজেপি দলে কি বুজাব বিচাৰিছে সেয়া স্পষ্ট বুলি উল্লেখ কৰে নেতাদ্বয়ে। 

‍ৰাজ্যৰ শাসনাধিষ্ঠিত দলটোৰ উক্ত ভিডিঅ' প্ৰচাৰপ উদ্দেশ্য আৰু মানসিকতাক গৰিহণা দি জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে, যি সময়ত ৰাজ্যৰ নাগৰিকসকলে শান্তি আৰু সমৃদ্ধি বিচাৰি আছে, তেনে সময়ত বিজেপিয়ে অসমত হত্যা-হিংসাৰে জংঘলৰাজ প্ৰতিষ্ঠাৰ ইংগিত সম্বলিত বাৰ্তা দি আছে। লগতে, অসমত হত্যা-হিংসাক উচটনি দিয়াৰ অপৰাধত বিজেপি নেতৃত্বৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি নিজাববীয়া গোচৰ ৰুজু কৰিবলৈ জাতীয় পৰিষদৰ নেতাদ্বয়ে অসম আৰক্ষীক আহ্বান জনায়।

অসম জাতীয় পৰিষদ