অজাপলৈ আহি আছে তিনি অগপ নেতা...

অচিৰেই অসম জাতীয় পৰিষদত যোগদান কৰিব তিনিজন অগপৰ শীৰ্ষ নেতাই। অসমীয়া প্ৰতিদিন ডিজিটেলৰ অসম জাতীয় পৰিষদৰ এক সূত্ৰই সদৰি কৰা মতে, ২০২৬ত অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে এই তিনিগৰাকী

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল ডেস্কঃ অচিৰেই অসম জাতীয় পৰিষদত যোগদান কৰিব তিনিজন অগপৰ শীৰ্ষ নেতাই। অসমীয়া প্ৰতিদিন ডিজিটেলৰ অসম জাতীয় পৰিষদৰ এক সূত্ৰই সদৰি কৰা মতে, ২০২৬ত অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে এই তিনিগৰাকী অগপ নেতাই লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন অজাপত যোগদান কৰাতো প্ৰায় নিশ্চিত হৈছে।

অগপৰ পৰা জাতীয় পৰিষদত যোগদান কৰিব লগা অগপ নেতাকেইগৰাকী হ’ল কমলা কলিতা, সত্যব্ৰত কলিতা আৰু উৎপল দত্ত। অগপৰ পৰা জাতীয় পৰিষদলৈ যোগদান কৰিব লগা নেতাগৰাকীয়ে অসম বিধানসভা নিৰ্বাচনত জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা পৰিকল্পনাৰে দল সলনি কৰিবলৈ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।

লুৰীণজ্যোতি গগৈ